অসম

assam

ETV Bharat / state

অসমৰ প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ বিয়োগ - ৩৯ নং জলেশ্বৰ বিধান সভা সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী

গোৱালপাৰা জিলাৰ ৩৯ নং জলেশ্বৰ বিধান সভা সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ শেষ নিশ্বাস ত্যাগ । বৃহস্পতিবাৰে নিশা নিজ বাসগৃহত ২ বজাত ইহলীলা ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।

প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ বিয়োগ
প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ বিয়োগ

By

Published : Feb 12, 2021, 12:57 PM IST

গোৱালপাৰা, ১২ ফেব্ৰুৱাৰী: গোৱালপাৰা জিলাৰ ৩৯ নং জলেশ্বৰ বিধান সভা সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ শেষ নিশ্বাস ত্যাগ । বৃহস্পতিবাৰে নিশা নিজ বাসগৃহত ২ বজাত ইহলীলা ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ ।

প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ বিয়োগ

আফজালুৰ ৰহমান একেৰাহে ২৫ বছৰ ধৰি জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আছিল । এসময়ৰ অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ বিয়োগত অঞ্চল জুৰি শোকৰ ছাঁই বিৰাজ কৰিছে । তেওঁৰ মৃত্যু অসমৰ‌ সংখ্যালঘু ৰাইজৰ এক অপুৰণীয় ক্ষতি । শুকুৰবাৰে পুৱাৰে পৰা অলেখ গুণমুগ্ধৰ লগতে দলীয় নেতা-বৰ্গই মন্ত্ৰীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

১৯৪৪ চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰি ১৯৭৪ চনত আঞ্চলিক সদস্য হিচাপে নিৰ্বাচিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল আফজালুৰ ৰহমানে । ১৯৭৮ চনত জলেশ্বৰ বিধান সভা সমষ্টিৰ পৰা প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । জলেশ্বৰ সমষ্টিৰ পৰা ছয়বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । ১৯৭৮ চনত সংসদীয় সচিব আছিল । তেওঁ ৰাজনীতিৰ লগতে এগৰাকী অক্লান্ত সমাজ সংস্কাৰকো আছিল । ১৯৯১ চনত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ আমোলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী আছিল ।

লগতে পঢ়ক:গোলাঘাটত পিষ্টলসহ চাৰি যুৱকক আটক

ABOUT THE AUTHOR

...view details