অসম

assam

ETV Bharat / state

গোৱালপাৰাৰ বানাক্ৰান্ত এলেকাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গোৱালপাৰাৰ বানাক্ৰান্ত এলেকাত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বান এলেকা অঞ্চল ভ্ৰমণ কৰি বানাক্ৰান্ত লোকসকলে চৰকাৰী সাহায্য লাভ কৰিছে নে নাই এই সন্দৰ্ভত বুজ লয় ৷

By

Published : Jul 21, 2020, 10:11 PM IST

goalpara_flood-area-visit-cm
গোৱালপাৰাৰ বানাক্ৰান্ত এলেকাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গোৱালপাৰা,21জুলাই: মংগলবাৰে গোৱালপাৰা জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বানাক্ৰান্ত ৰাইজে চৰকাৰী সাহাৰ্য লাভ কৰিছে নে নাই এই সন্দৰ্ভত বুজ লব'লৈ বানাক্ৰান্ত এলেকাত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী৷ চহৰখনৰ জয়তুন নেছা হাইস্কুল,মাদ্ৰাছা আৰু নিউ গোৱালপাৰা হাইস্কুলত উপস্থিত হৈ বানাক্ৰান্ত লোকৰ খবৰ লয় মন্ত্ৰী সোনোৱালে।বিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰী সোণোৱালে আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোকসকলৰ সৈতে মত -নিময় কৰাৰ উপৰিও অংগনবাদীৰ কণ-কণ শিশু সকলৰ খাদ্য বস্তু সন্দৰ্ভতো বুজ লয় ৷

গোৱালপাৰাৰ বানাক্ৰান্ত এলেকাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ইয়াৰ পাছতে, গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যলয়ত অনুষ্ঠিত সংবাদমেলত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সংবাদমেলত মন্ত্ৰী সোণোৱালে সাংবাদিকসকলক সম্বোধন কৰি বছৰৰ তৃতীয়টো বানত অসমৰ বহু লোকৰ ক্ষতি হৈছে আৰু বিভিন্ন ঠাইত মথাউৰি ছিগি যোৱাৰ ফলত বহু অঞ্চল প্লাবিত হৈছে বুলি উল্লেখ কৰে ৷ বানৰ ফলত ৰাজ্যৰ কৃষকসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে আৰু বানপীড়িত ৰাইজে উপযুক্ত চৰকাৰী সাহায্য লাভ কৰা সন্দৰ্ভত বুজ লব'লৈ বানাক্ৰান্ত এলেকাসমূহ ভ্ৰমণ কৰে বুলি উল্লেখ কৰে সোণোৱালে৷

গোৱালপাৰাৰ বানাক্ৰান্ত এলেকাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম চৰকাৰৰ পৰা ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ বানপানীৰ সমস্যাৰ কথা অৱগত কৰা হৈছে আৰু মোডীয়েও অসমৰ বানপানীৰ সমস্যা সমাধানৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেলত উল্লেখ কৰে ৷

লগতে পঢ়কঃ জোনাইত গৰাখহনীয়া প্ৰতিৰোধৰ অপ্ৰাণ চেষ্টা কংগ্ৰেছ কৰ্মীৰ

ABOUT THE AUTHOR

...view details