অসম

assam

ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সুকুমুদ্দিন আহমেদলৈ সহায়ৰ হাত - Badaruddin Ajmal comes to help Sukumuddin Ahmed

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ দুৰ্ভগীয়া সুকুমুদ্দিন আহমেদলৈ সহায়ৰ হাত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ ৷

Goalpara Fireand  Etv Bharat News Impact
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সুকুমুদ্দিন আহমেদলৈ সহায়ৰ হাত ৰাজনৈতিক নেতাৰ

By

Published : Mar 20, 2020, 9:46 PM IST

গোৱালপাৰা,20 মাৰ্চ: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বিগত 18 মাৰ্চত গোৱালপাৰাত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে এ আই ইউ ডিএফৰ দলৰ কৰ্ম কৰ্তা ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সুকুমুদ্দিন আহমেদলৈ সহায়ৰ হাত ৰাজনৈতিক নেতাৰ

উল্লেখ্য যে যোৱা 18 মাৰ্চত গোৱালপাৰা বগুৱান আৰক্ষী থানাৰ অধীনস্থ ৰাম হৰি চৰৰ তৃতীয় খণ্ডত সুকুমুদ্দিন আহমেদৰ ঘৰত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড ৷ উক্ত অগ্নিকাণ্ডত জীৱন্তে জ্বলি প্ৰাণ হেৰুৱাইছিল সুকুমুদ্দিন আহমেদৰ তিনি বছৰীয়া কন্যা সন্তান ছামিনা খাতুন নামৰ এটি শিশু৷ এই মৰ্মান্তিক ঘটনাতো ৰাইজৰ মাজত বাতৰি আকাৰত প্ৰকাশ কৰিছিল ই টি ভি ভাৰতে ৷ ইয়াৰ পাছতেই এই সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি উক্ত পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহিল ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল ৷ শুকুৰবাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হৈ ঘৰ নিৰ্মাণৰ বাবে চাৰি বান্দিল টিন,দমকল,চাউল-ডাইল আদিকে ধৰি বিভিন্ন ধৰণৰ নিত্য প্ৰয়োজনীয় সা-সামগ্ৰী যোগান ধৰে একাংশ এ আই ইউ ডিএফৰ দলৰ কৰ্মী-কৰ্তাই ৷ পৰিয়ালটোৰ কাষত এনেদৰে শুভাকাংশী উপস্থিত হোৱাত দুখৰ মাজতো স্বাভাৱিকতেই তাৎক্ষণিকভাৱে সুখ অনুভৱ দুৰ্ভগীয়া শুকুমুদ্দিন আহমেদৰ পৰিয়ালটোৰ ৷

লগতে পঢ়কঃ কেতিয়া শাস্তি পাব বটদ্ৰৱা কাণ্ডৰ দোষী জাকিৰ হুছেইনে !

ABOUT THE AUTHOR

...view details