গোৱালপাৰা,23 নৱেম্বৰ: গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত নৱ নিৰ্মিত EVM আৰু V V PET সংৰক্ষণ গৃহৰ শুভ উদ্বোধন ৷ শণিবাৰে এই নৱ নিৰ্মিত E V M আৰু V V PET সংৰক্ষণ গৃহটোৰ শুভ উদ্বোধন কৰে গোৱালপাৰাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই । উল্লেখ্য যে, এই গৃহটো নিমাৰ্ণৰ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবন্টন দিছিল মুঠ 1.49 কোটি টকা ।
গোৱালপাৰাত নৱ নিৰ্মিত EVM আৰু V V PET সংৰক্ষণ গৃহৰ শুভ উদ্বোধন - গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকা
গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত নৱ নিৰ্মিত ইভিএম আৰু ভিভিপিএটি সংৰক্ষণ গৃহৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৷
গোৱালপাৰাত নৱ নিৰ্মিত ইভিএম আৰু ভিভিপিএটি সংৰক্ষণ গৃহৰ শুভ উদ্বোধন
গৃহটোৰ উদ্বোধনৰ পাছৰ অনুষ্ঠিত সভাত জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ লগতে উপস্থিত থাকে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা । এতিয়াৰ পৰা এই গৃহটোত গোৱালপাৰা, পূৱ গোৱালপাৰা পশ্চিম, দুধনৈ আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ উপৰিও ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনত ব্যৱহৃত EVM আৰু V V PET সংৰক্ষণ কৰা হ'ব । লগতে এই গৃহটোৰ সমীপতে নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব বুলিও উল্লেখ কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ।
লগতে পঢ়ক:ৰঙিয়াত ১০ বছৰ ধৰি যমৰ-যাতনা পথাচাৰিৰঃ কুম্ভকৰ্ণ নিদ্ৰাত জন প্ৰতিনিধি