অসম

assam

ETV Bharat / state

গোৱালপাৰা আৰু বিহালীত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণঃ আতংকিত ৰাইজ - বিহালী

গোৱালপাৰা জিলাৰ ৰংজুলি আৰু বিহালীত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। নিতৌ  বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই নিদ্ৰা হৰণ কৰিছে গাঁওবাসীৰ। অতি শীঘ্ৰে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

গোৱালপাৰা আৰু বিহালীত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণঃ আতংকিত ৰাইজ

By

Published : Oct 12, 2019, 8:05 PM IST

গোৱালপাৰা, ১২ অক্টোবৰঃ গোৱালপাৰা জিলাৰ ৰংজুলি আৰু বিহালীত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। নিতৌ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই নিদ্ৰা হৰণ কৰিছে গাঁওবাসীৰ।


গোৱালপাৰাৰ কন্যাকুছি সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে দীৰ্ঘ দিনৰে পৰা পথাৰৰ ধান খাই তহিলং কৰিছে । একাংশ লোকে হাতীৰ জাক অহাত বাধা দিয়াৰ চেষ্টা কৰিও ব্যৰ্থ হৈছে। ইপিনে বন্যহস্তীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগো । অঞ্চলটোত ধাৰাবাহিক ভাৱে বন্যহস্তীয়ে সন্ত্ৰাস চলাই অহাত বহু কৃষকে এমুঠি ধানো কাটি আনিব পৰা নাই ঘৰলৈ ।

গোৱালপাৰা আৰু বিহালীত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণঃ আতংকিত ৰাইজ

আনহাতে বিহালীতো দিন দুপৰতে বন্যহস্তীয়ে মুক্ত বিচৰণ কৰিছে । হাতীৰ জাকটো দেখি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । প্ৰায় ৫-৬ জনীয়া বন্যহস্তীৰ জাকটো বিহালীৰ ভীমদাংগাৰ এখন বাগানৰ কাষৰ মুকলি হাবিত অৱস্থান কৰি আছে । বন‌ বিভাগৰ লোক উপস্থিত হৈছে যদিও এতিয়ালৈ বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ সক্ষম হোৱা নাই । অতি শীঘ্ৰে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

...view details