নিবনুৱাৰ বাবে অভিনৱ পদক্ষেপ ইউকো বেংকৰ - ইউকো বেংক
ইউকো বেংকে অতি কম কিস্তিত নিবনুৱা যুৱকলৈ আগবঢ়ালে ই-ৰিক্সা ৷ গোৱালপাৰাৰ নিবনুৱা যুৱকক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে দ্বিতীয়বাৰৰ বাবে এই পদক্ষেপ ইউকো বেংকৰ ৷
নিবনুৱাৰ বাবে অভিনৱ পদক্ষেপ ইউকো বেংকৰ
গোৱালপাৰা, 9 চেপ্তেম্বৰঃ গোৱালপাৰাৰ নিবনুৱা যুৱকক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ এক অভিনৱ পদক্ষেপ ইউকো বেংকৰ ৷ অতি কম কিস্তিত নিবনুৱা যুৱকলৈ আগবঢ়ালে ই-ৰিক্সা ৷ ইউকো বেংকৰ গোৱালপাৰাৰ বলদমাৰী চৰ শাখাই গ্ৰহণ কৰিছে এই অভিনৱ পদক্ষেপ ৷ ইউকো বেংকৰ বলদমাৰী চৰ শাখাই সোমবাৰে এক সভাৰ জৰিয়তে অতি সহজ কিস্তিৰ ঋণৰ জড়িয়তে নিবনুৱালৈ আগবঢ়ালে ১১খনকৈ ই-ৰিক্সা । উল্লেখ্য যে, পূৰ্বতেও ইউকো বেংকৰ এই শাখাটোৱে নিবনুৱা যুৱকলৈ আগবঢ়াইছিল ৩২ খনকৈ ই-ৰিক্সা।