গোৱালপাৰা, 10 মাৰ্চ: গোৱালপাৰাৰ দুধনৈত 9 এম.এম পিষ্টল সহ তিনি যুৱকক গ্ৰেপ্তাৰ ৷ ৰাজ্যজুৰি নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ মাজতে আৰক্ষীয়ে জব্দ কৰে অস্ত্ৰখিনি ৷
উল্লেখ্য যে, বিগত বিৰ্ষৰ ডিচেম্বৰত দুধনৈৰ দামৰা ৰোডস্থিত ফ্লিপকাৰ্টৰ ডেলিভাৰী চেন্টাৰত এদল দুবৃত্তই অস্ত্ৰ দেখুৱাই ডকাইটি কাণ্ড সংঘটিত কৰিছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই এই ডকাইতি কাণ্ডৰে জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন জব্দ কৰে ৷ ইয়াৰে এজন যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আন তিনিওগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷