গোৱালপাৰা, 6 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই সোমবাৰে এখন সংবাদ মেল সম্বোধন কৰে ৷ COVID-১৯ ত আক্ৰান্ত তিনিগৰাকী ৰোগীক খোৱা আৰু চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে ৬০ গৰাকী লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে বুলি জনায় উপায়ুক্ত গৰাকীয়ে । ইতিমধ্যে কোৱাৰেন্টাইন কৰা সকলৰ স্বাস্থ্য সকলো যাৱতীয় পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা হ'বলৈ বাকী আছে । গোৱালপাৰাত কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে উপায়ুক্ত বৰ্ণালী ডেকাই ।
গোৱালপাৰাত COVID19 সম্পৰ্কত উপায়ুক্তৰ সংবাদমেল - গেছ চিলিণ্ডাৰ সৰবৰাহ
গোৱালপাৰা জিলাত উপায়ুক্ত সংবাদমেল । কৰ'ণা ভাইৰাছত আক্ৰান্ত ৩ জন আৰু কোৱাৰেনটাইনত ৰখা ৬০ জনক খাদ্য যোগান ধৰাৰ লগতে সু-চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে উপায়ুক্ত বৰ্ণালী ডেকাই ।
![গোৱালপাৰাত COVID19 সম্পৰ্কত উপায়ুক্তৰ সংবাদমেল Goalpara DC Press Meet](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6688120-718-6688120-1586181624063.jpg)
Goalpara DC Press Meet
গোৱালপাৰাত COVID19 সম্পৰ্কত উপায়ুক্তৰ সংবাদমেল
লক্ ডাউনৰ সময়ত গেছ চিলিণ্ডাৰ সৰবৰাহ আৰু বিভিন্ন খাদ্য সামগ্ৰী সৰবৰাহৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । পশুখাদ্য আৰু দাইল-চাউল ইতিমধ্যে যোগানৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছে সংবাদমেলত । তদুপৰি, COVID19 ত আক্ৰান্ত বা কোৱাৰেণ্টাইনত থকা লোকসকলৰ দৈনন্দিন ব্যৱহাৰ বাবে কিছু সামগ্ৰীৰ টোপলা আগবঢ়োৱাৰ তথ্য উল্লেখ কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ।
লগতে পঢ়ক : ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰৰূপে নিযুক্ত অনুৰাগ শ্ৰীবাস্তৱ