গোৱালপাৰাত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ - হাহকাৰ
গোৱালপাৰা চহৰৰ মাজমজিয়াৰ 2 নং ৱাৰ্ডৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ, গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ
![গোৱালপাৰাত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4009078-thumbnail-3x2-water---copy.jpg)
গোৱালপাৰা, 1 আগষ্টঃ গোৱালপাৰা চহৰৰ মাজমজিয়াৰ 2 নং ৱাৰ্ডৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰায় এবছৰ ধৰি ৱাৰ্ডটোৰ বাসিন্দাসকলে বিশুদ্ধ খোৱা পানীৰ বাবে প্ৰায় 50 মিটাৰ নিলগৰ হাদিৰাচকী বাসুদেৱ সত্ৰ প্ৰাঙ্গনত থকা দমকলৰ পৰা প্ৰতিদিনে ঠেলাৰে কঢ়িয়াই খোৱাপানী সংগ্ৰহ কৰিব লগা হৈছে ৷ ইয়াৰোপৰি ৱাৰ্ডটোৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ পানী আন আন কামত ব্যৱহাৰ কৰে যদিও খৰালি সময়ত ব্ৰহ্মপুত্ৰৰ পানী শুকাই গ'লে পানীৰ বাবে অধিক হাহাকাৰ কৰিব লাগে ৱাৰ্ডটোৰ লোকসকলে ৷উল্লেখযোগ্য যে, ৱাৰ্ডটোৰ বাসিন্দা সকলে জিলা উপায়ুক্ত, পৌৰসভা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওচৰত এই সন্দৰ্ভত বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই ।