গোৱালপাৰা,10 মাৰ্চঃ গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত শালমাৰা আৰু বহতী সংযোগী এখন বিধ্বস্ত দলঙে এতিয়া বিপদত পেলাইছে একাংশ লোকক ৷ জৰাজীৰ্ণ দলঙখনেৰে নিতৌ শ শ স্কুলীয়া ছাত্ৰ-ছাত্ৰী পাৰ হোৱাৰ লগতে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাত ব্যপক অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল ৷ অঞ্চলটোৰ লোকে বিভাগীয় কৰ্তৃপক্ষক দলঙখন অনতিপলমে নিৰ্মাণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে এই কাম সম্পুৰ্ণ নকৰিলে আগন্তুক নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷
বিধ্বস্ত দলঙৰ বাবে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত শালমাৰাৰ ৰাইজ - বিধ্বস্ত দলঙৰ বাবে জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত শালমাৰা আৰু বহতীৰ ৰাইজ
নিতৌ শ শ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত শালমাৰা আৰু বহতীৰ ৰাইজে ৷ কিয়নো এই অঞ্চলত নাই যাতায়াতৰ বাবে সুচল দলং ৷
শালমাৰা আৰু বহতীৰ ৰাইজ
Last Updated : Mar 10, 2020, 10:54 AM IST