গোৱালপাৰা, 15 আগষ্ট: আজি দেশজুৰি পালন কৰা হ’ল 77 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ এই বিশেষ দিনটোত গোৱালপাৰৰ এক বিশেষ দৃশ্য এতিয়াও চৰ্চাৰ কাৰণ হৈ পৰিছে ৷ চৰ্চাৰ কেন্দ্ৰ বিন্দু হ’ল ডি এফ অ’ তেজশ মৰিস্বামী আৰু এগৰাকী ব্যক্তি ৷
স্বাধীনতা দিৱসৰ দিনা জনশূন্য কাৰ্যালয়ত ডি এফ অ’ তেজশ মৰিস্বামী ব্যস্ত হৈ আছে এগৰাকী বিশেষ ব্যক্তিৰ সৈতে বৈঠকত ৷ সেই বিশেষ ব্যক্তিগৰাকী কোনো স্বাধীনতা সংগ্ৰামী অথবা কোনো উচ্চপদস্ত বিষয়া নহয় ৷ সেই ব্যক্তিগৰাকী হ’ল বালি মাফিয়া হিচাবে জিলাখনত পৰিচিত চাহাবুল ইছলাম ওৰফে ইমৰাণ হুছেইন ৷ এগৰাকী বালি মাফিয়াৰ সৈতে বন বিষয়াৰ এই গোপন বৈঠক এতিয়াও জিলাখনৰ ৰাইজে সহজে ল’ব পৰা নাই ৷
As 01DW 8116 নম্বৰৰ স্কৰপিঅ’ বাহনখন ডি এফ অ’ৰ কাৰ্যালয়ৰ বাহিৰত ৰখাই থোৱা ৰাইজে প্ৰত্যক্ষ কৰাৰ পাচতেই পোহৰলৈ আহিছে এই ঘটনা ৷ ডি ফি অ’ কাৰ্যালয়ৰ ভি আই পি পাৰ্কিঙত ৰখাই থোৱা অৱস্থাত প্ৰত্যক্ষ কৰা হয় বালি মাফিয়া চাহাবুল ইছলামৰ বাহন ৷ কিন্তু প্ৰশ্ন উঠিছে এজন কুখ্যাত বালি চোৰৰ সৈতে বন বিষয়াগৰাকীৰ সৈতে কি গোপন মিতিৰালি আছে ৷