অসম

assam

ETV Bharat / state

কৃষি আইনৰ বিৰোধিতাৰে গোৱালপাৰাত CITUৰ প্ৰতিবাদী কাৰ্যসূচী - আইন অমান্য আন্দোলন কাৰ্যসূচী ৰূপায়ণ

দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহৰ সমৰ্থনত আজি দেশজুৰি আইন অমান্য আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছে চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নে । গোৱালপাৰাতো CITUৰ জিলা কমিটীয়ে কৃষকৰ স্বাৰ্থ বিৰোধী ৩ খনকৈ আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৰ ৫০০ৰো অধিক সদস্যই আজিৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে ।

কৃষি আইনৰ বিৰোধিতাৰে গোৱালপাৰাত CITUৰ প্ৰতিবাদী কাৰ্যসূচী
কৃষি আইনৰ বিৰোধিতাৰে গোৱালপাৰাত CITUৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Jan 7, 2021, 4:36 PM IST

গোৱালপাৰা, ৭ জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে সংশোধিত আৰু প্ৰণিত কৰা ৩ খনকৈ কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকলৈ সমৰ্থন আগবঢ়াইছে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ লগতে দল-সংগঠনে । বৃহস্পতিবাৰে চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নে সমগ্ৰ দেশতে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে । গোৱালপাৰাতো আইন অমান্য আন্দোলনৰ কাৰ্যসূচী হিচাপে প্ৰতিবাদী সমদল উলিয়ায় CITUৰ জিলা কমিটীয়ে ।

কৃষি আইনৰ বিৰোধিতাৰে গোৱালপাৰাত CITUৰ প্ৰতিবাদী কাৰ্যসূচী

কৃষক বিৰোধী কৃষি আইন বাতিল আৰু শ্ৰমিক বিৰোধী শ্ৰম সংস্কাৰ বন্ধ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদী কাৰ্যসূচীত CITUৰ গোৱালপাৰা জিলা কমিটীৰ ৫০০ৰো অধিক সদস্যই অংশ লয় । চৰকাৰ বিৰোধী ধ্বনিৰে গোৱালপাৰাৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

কৃষি আইনৰ বিৰোধিতাৰে গোৱালপাৰাত CITUৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰতিবাদস্থলীত জিলা দণ্ডাধীশ উপস্থিত হৈ সংগঠনটোৰ সদস্যসকলৰে আলোচনাত মিলিত হয় । ইয়াৰ পিছতে কেইবাগৰাকীও প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে বুলি জানিবলৈ দিছে সংগঠনটোৰ নেতৃত্বই । কিন্তু আৰক্ষীয়ে কৰায়ত্ত কৰিলেও তেওঁলোকে কৃষি আইনৰ বিৰোধিতা কৰি যাব বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:লোকবাদ্যৰ প্ৰচাৰ তথা সংৰক্ষণত ব্যস্ত যুৱ শিল্পী নৱজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details