গোৱালপাৰা,9 ফেব্ৰুৱাৰীঃ গোৱালপাৰাৰ মৰনৈস্থিত শ্ৰীশ্ৰী সূৰ্য্যপাহাৰ মহাপীঠত দেওবাৰৰ পৰা আৰম্ভ হৈছে মাঘী পূৰ্ণিমা আৰু মেলা । মাঘী পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত বিষ্ণুযজ্ঞৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সাতদিনীয়াকৈ অনুষ্ঠিত মেলাখনত ইতিমধ্যে সমাগম ঘটিছে অগণন ভক্তৰ ।
মাঘী পূৰ্ণিমা উপলক্ষে গোৱালপাৰাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - মাঘী পূৰ্ণিমা আৰু মেলা
গোৱালপাৰাৰ মৰনৈস্থিত শ্ৰীশ্ৰী সূৰ্য্যপাহাৰ মহাপীঠত দেওবাৰৰ পৰা আৰম্ভ হৈছে মাঘী পূৰ্ণিমা আৰু মেলা । মাঘী পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত বিষ্ণুযজ্ঞৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
![মাঘী পূৰ্ণিমা উপলক্ষে গোৱালপাৰাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল CM visit](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6013700-thumbnail-3x2-a.jpg)
মাঘী পূৰ্ণিমা
গোৱালপাৰাত মুখ্যমন্ত্ৰী সোণোৱাল
উল্লেখ্য যে, অসমৰ ইলোৰাখ্যাত দ্বিতীয় কাশীধাম হিচাপে পৰিচিত সূৰ্য্যপাহাৰৰ এই ধৰ্মীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস তথা মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে । যজ্ঞৰ যোগেদি সমগ্ৰ অসমত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে চাওকঃনলবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড গুণ্ডাবাহিনীৰ