অসম

assam

ETV Bharat / state

গোৱালপাৰাত ৰাম মন্দিৰ আৰ্হিত ভেলাঘৰ - ৰাজ্যবাসী ব্যস্ত হৈ পৰিছে হেপাহৰ ভোগালী বিহুক আদৰাৰ বাবে

সমাগত ভোগালী বিহু ৷ ভোগালী বিহুক লৈ প্ৰস্তুতি চলিছে ৰাজ্যৰ সৰ্বত্ৰে ৷ গোৱালপাৰাবাসী ব্যস্ত হৈ পৰিছে ৰাম মন্দিৰৰ আৰ্হিত ভেলাঘৰ সজাত ৷

গোৱালপাৰাত ৰাম মন্দিৰ আৰ্হিত ভেলাঘৰ
Goalpara Bhogali Bihu Preparation.

By

Published : Jan 9, 2020, 1:15 PM IST

গোৱালপাৰা,9 জানুৱাৰী:ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি চলিছে এতিয়া ৰাজ্যৰ সৰ্বত্ৰে ৷ যোৰহাটত যদি চন্দ্ৰযান-2ৰ আৰ্হিত ভেলাঘৰ সাজি উলিওৱা হৈছে,গোৱালপাৰাত আকৌ ৰাম মন্দিৰৰ আৰ্হিত ভেলাঘৰ সজাৰ প্ৰস্তুতি চলিছে ৷

গোৱালপাৰাত ৰাম মন্দিৰ আৰ্হিত ভেলাঘৰ

উল্লেখ্য যে,ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ মাজতেই ৰাজ্যবাসী ব্যস্ত হৈ পৰিছে হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ৷ পিছ পৰি থকা নাই গোৱালপাৰাবাসীয়েও ৷ এইবাৰ গোৱালপাৰাৰ ফুটুৰিপাৰা গাঁৱৰ ৰাইজে মিলি ৰাম মন্দিৰ আৰ্হিত ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে ৷ উৰুকাৰ দিনা গাঁওখনৰ ডেকা-গাভৰু,বয়োজেষ্ঠ সকলোৱে মিলি এসাজ খোৱাৰ বাবে প্ৰস্তুতি চলাইছে ৷ যুৱতি-মহিলাসকল ব্যস্ত হৈ পৰিছে নানাধৰণৰ পিঠা-পনা বনোৱাত ৷

অন্য এক খবৰৰ বাবে : আৰৱীয় অঞ্চলত ভাৰতবৰ্ষৰ প্ৰত্যাহ্বান

ABOUT THE AUTHOR

...view details