গোৱালপাৰা, 4 জানুৱাৰীঃউৰুকালৈ মাজত মাথো বাকী কেইটামান দিন ৷ অসমীয়াৰ আপোন মাঘ বিহুলৈ মাজত কেইটামান দিন আৰু বাকী ৷ এনে অৱস্থাত উৰুকাৰ নিশা এসাঁজ লগে-ভাগে খাবলৈ সাজু হৈ উঠিছে গোৱালপাৰাবাসী ৷ অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত হৈ উঠিছে ৷ একেই দৃশ্য দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত ৷ জিলাখনৰ লক্ষীপুৰৰ থৰ্কোৰ ছোকেয়াভাছাবাসীয়ে নিৰ্মাণ কৰি আছে ভেলাঘৰ ৷ মাঘবিহুৰ উৰুকাত লগে-ভাগে আনন্দ কৰিবলৈ গাঁৱবাসীয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ পথাৰৰ পৰা নৰা কাটি আনি ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰিছে গাঁৱবাসীয়ে ৷ উৰুকাৰ নিশা একেলগে এসাঁজ খাবলৈ এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে সকলো ৷
ভোগালীৰ ভেলাঘৰ বান্ধি সাজু গোৱালপাৰাবাসী - Goalpara Bhelaghar
উৰুকালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাতে ভেলাঘৰ সাজি ভোগালীলৈ সাজু হৈছে গোৱালপাৰাবাসী ৷
ভোগালীৰ ভেলাঘৰ বান্ধি সাজু গোৱালপাৰাবাসী