অসম

assam

ETV Bharat / state

সংখ্যালঘু ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীৰ - goalpara

সংখ্যালঘু ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যাৰ বুজ লবলৈ চৌধুৰীয়ে নামনি অসমৰ বিভিন্ন প্ৰান্তত আকাশ মাৰ্গেৰে হেলিকপ্টাৰ লৈ সংখ্যালঘু প্ৰধান অঞ্চল সমূহত গৈ ৰাইজৰ সমস্যাৰ বুজ লয় ৷ লগতে ৰাইজৰ সমস্যা সমূহক কেনেকৈ সমাধান কৰিব পাৰি সেই সন্দৰ্ভত এখন সজাগতা সভাৰো আয়োজন কৰে ৷

goalpara-awarness-program
সংখ্যালঘু ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীৰ

By

Published : Dec 15, 2020, 8:35 PM IST

গোৱালপাৰা, 15 ডিচেম্বৰ : গোৱালপৰীয়া যুৱ সমাজ জে এফ ফাউণ্ডেশ্যন আৰু সংখ্যালঘু উন্নয়ন সমাজ কল্যাণ সমিতিৰ সৌজন্যত ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত মঙলবাৰে এখন সজাগতামূলক সভা অনুষ্ঠিত হয় । মঙলবাৰৰ সজাগতা সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীয়ে । সংখ্যালঘু উন্নয়ন সমাজ কল্যাণ সমিতি আৰু জে এফ ফাউণ্ডেশ্যনৰ মুৰব্বী হৈছে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰী ।

সংখ্যালঘু ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীৰ

সংখ্যালঘু ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যাৰ বুজ লবলৈ চৌধুৰীয়ে নামনি অসমৰ বিভিন্ন প্ৰান্তত আকাশ মাৰ্গেৰে হেলিকপ্টাৰ লৈ সংখ্যালঘু প্ৰধান বিভিন্ন অঞ্চলত উপস্থিত হয়গৈ ৷ লগতে ৰাইজৰ সমস্যা সমূহক কেনেকৈ সমাধান কৰিব পাৰি সেই সন্দৰ্ভত সজাগতা সভাৰো আয়োজন কৰে ৷

উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সংখ্যালঘু উন্নয়ন বৰ্ড ও বিত্তীয় নিগমৰ সঞ্চালক আব্দুৰ ৰহিম জিবৰান। ৰহিম জিবৰানৰ একান্ত প্ৰচেষ্টাত চলিছে গোৱালপাৰা পশ্চিম সমষ্টিত জনজাগৰণ। সংখ্যালঘু প্ৰধান অঞ্চল সমূহত চলি থকা বাল্য বিবাহ, অন্ধ বিশ্বাস, কু-সংস্কাৰ দূৰীকৰণ, নাৰী শিক্ষা আৰু শিক্ষাৰ ওপৰত অধিক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে হাবিব মহম্মদ চৌধুৰীয়ে ।

লগতে পঢ়ক: আমিগাঁৱত ৰে’ল লাইনত উদ্ধাৰ যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details