ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে গোৱালপাৰাত সজাগতা সমদল - অংগনবাদী কৰ্মী গোৱালপাৰা
পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ মহিলা আৰু শিশুসকলক সচেতন কৰাৰ লক্ষ্যৰে গোৱালপাৰাৰ অংগনবাদী কৰ্মী-সহায়িকাই জিলাখনৰ মৰনৈ সাংস্কৃতিক ভৱনৰ পৰা উলিয়াই বৃহৎ সমদল ৷
গোৱালপাৰা, 12 চেপ্তেম্বৰঃ মহিলা আৰু শিশু সকলক পুষ্টিহীনতাৰ পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টা অংগনবাদী কৰ্মী-সহায়িকাৰ । বৃহস্পতিবাৰে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ মহিলা আৰু শিশুসকলক সচেতন কৰাৰ লক্ষ্যৰে গোৱালপাৰাৰ অংগনবাদী কৰ্মী-সহায়িকাই জিলা খনৰ মৰনৈ সাংস্কৃতিক ভৱনৰ পৰা উলিয়াই বৃহৎ সমদল ৷ ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে পালন কৰা এই কাৰ্যসূচীৰ জৰিয়তে মহিলা-শিশুসকলে পুষ্টিহীনতা দূৰ কৰক,শিশু মাতৃক পুষ্টিহীনতাৰ পৰা ৰক্ষা কৰক, বাল্য বিবাহ বন্ধ কৰক আদি শ্ল'গানেৰে ৰাইজক সচেতন হ'বলৈ আহ্বান জনায় ৷