গোৱালপাৰা, 14 ফেব্ৰুৱাৰীঃ অটল অমৃত অভিযানৰ অধীনত বৰ্তমান লৈকে গোৱালপাৰা জিলাৰ মুঠ ৫লাখ ৬১ হাজাৰ ৪৮৭ গৰাকী হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছে যদিও বৰ্তমানলৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা ১৮৫৬গৰাকী ৰোগীযে এই অভিলাসী আঁচনিৰ সুবিধা লাভ কৰে । তাৰোপৰি বৰ্তমান পৰ্যন্ত বহুতো হিতাধিকাৰীয়ে অটল অমৃত অভিযান আঁচনিৰ অধীনত ৰোগীয়ে কোনো সুবিধা লাভ কৰা নাই । এই আঁচনিৰ অধীনত প্ৰথমে ৬টা ৰোগ নিৰ্ণয় কৰা হৈছিল যদিও পাচলৈ অসম তথা কেন্দ্ৰীয় চৰকাৰে আৰু ৬ টা ৰোগ নিৰ্ণয় কৰিছে । এই ১২ টা ৰোগৰ ৰোগীয়ে বৰ্তমানলৈ ১৮৫৬ গৰাকী হিতাধিকাৰীয়ে গোৱালপাৰা অসামৰিক চিকিৎসালয় আৰু আল-ছালাম চিকিৎসালয়ৰ পৰা চিকিৎসা লাভ কৰিছে । দৈনিক এহেজাৰতকৈ অধিক ৰোগী চিকিৎসালয় খনৰ বহিৰ বিভাগত বিভিন্ন বিভাগৰ চিকিৎসকৰ চিকিৎসা গ্ৰহণ কৰে। চিকিৎসকৰ মতে বহিঃবিভাগত প্ৰায় কেইটা বিভাগৰ চিকিৎসক থকাৰ বিপৰীতে প্ৰায় সকলোখিনি সুবিধা উপলব্ধ আছে চিকিৎসালয়খনত ।
গোৱালপাৰাত অটল অমৃত আঁচনিৰ অধীনত চিকিৎসা লাভ ৮৫৬গৰাকী ৰোগীৰ - atal amrit abhiyan
গোৱালপাৰাত বৰ্মান পৰ্যন্ত ৮৫৬গৰাকী ৰোগীয়ে অটল অমৃত অভিযানৰ অধীনত চিকিৎসা লাভ কৰিছে ৷ অটল অমৃত অভিযানৰ অধীনত মুঠ ৫লাখ ৬১ হাজাৰ ৪৮৭ গৰাকী হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছে যদিও বৰ্তমান পৰ্যন্ত আন বহুতো ৰোগীয়ে এই অভিলাসী আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
গোৱালপাৰাত অটল অমৃত আঁচনিৰ অধীনত চিকিৎসা লাভ ৮৫৬গৰাকী ৰোগীৰ
ইফালে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ বহিঃ বিভাগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিছে যদিও একাংশ ৰোগীয়ে পোৱা নাই অটল অমৃত অভিযানৰ সুবিধা । দুই এজনে যদিও সন্তুষ্টি প্ৰকাশ কৰিছে আন একাংশই অসন্তুষ্টি প্ৰকাশ কৰে । জিলাখনৰ গোৱালপাৰা অসামৰিক চিকিৎসালয় আৰু আল চালাম চিকিৎসালয়েহে অটল অমৃতৰ সুবিধা আছে বুলি উল্লেখ কৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক শ্বেমলেন্দু দাস।