গোৱালপাৰা,12মাৰ্চ:গোৱালপাৰাত এ আই কে কে এম এছৰ গণ অভ্যুত্থান ৷ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি এই প্ৰতিবাদী সমদল উলিওৱা হয়। ভগ্ন মথাউৰিৰ মেৰামতি কৰা,ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধ কৰা,ভূমিহীনক মাটিৰ পট্টা দিয়া,খেতিয়কক ৰেহাই মূল্যত সাৰ,বীজ আৰু কীটনাশক ঔষধ দিয়া আৰু দুখীয়া কৃষকৰ কৃষি ঋণ মাফ কৰি দিয়াৰ দাবীত এই গণ অভ্যুত্থান কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী লোকসকলে হাতে-হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰে ৷
গোৱালপাৰাত এ আই কে কে এম এছৰ গণ অভ্যুত্থান - AIKMSS GOALPARA PROTEST
গোৱালপাৰাত এআই কে কে এম এছৰ গণ অভ্যুত্থান। বিভিন্ন সমস্যা সমাধানৰ দাবীত দলটোৰ অভ্যুত্থান কাৰ্যসূচী ৰূপায়ণ কৰে।
গোৱালপাৰাত এআই কে কে এম এছৰ গণ অভূথ্যান
Last Updated : Mar 12, 2020, 4:17 PM IST