পশ্চিম গোৱালপাৰা,14 মাৰ্চ:পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে শ্বেখ শ্বাহ আলমে ৷ দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি শ্বেখ শ্বাহ আলমে হিন্দু সম্প্ৰদায়ৰ লোকক উদ্দেশ্যি সাম্প্ৰদায়িক মন্তব্য কৰাৰ কথা স্বীকাৰ কৰি অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে ৷
সংবাদমেলত অগপৰ প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ২০১৬ চনত এআইইউডিএফ-ত থকা অৱস্থাত পশ্চিম গোৱালপাৰাৰ চুনাৰীত এখন সভাত সাম্প্ৰদায়িক মন্তব্য কৰিছিল শ্বেখ শ্বাহ আলমে ৷ হিন্দু সম্প্ৰদায়ৰ লোকক উদ্দেশ্যি এই মন্তব্য কৰিছিল আলমে । যাৰ পৰিপ্ৰেক্ষিতত নেতাগৰাকীৰ ওপৰত ১৩ টাকৈ গোচৰ ৰুজু হৈছিল ৷ অগপৰ প্ৰাৰ্থিত্ব লাভৰ পাছত সেই মন্তব্যৰ বিপৰীতে অনুতপ্ত হোৱা বুলি প্ৰকাশ কৰে আলমে । ফলস্বৰূপে অসমবাসীৰ ওচৰত পুনৰবাৰ ক্ষমা প্ৰাৰ্থনা কৰিছে অগপ প্ৰাৰ্থী শ্বাহ আলমে ।