গোৱালপাৰা,5 নৱেম্বৰ : অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন । দিনৰ 11 বজাৰ পৰা 1 বজালৈ এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে আমছুৱে ।
শেহতীয়াকৈ নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰী আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি হোৱাৰ পাচতো এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি যোগান মন্ত্ৰী ফণীভুষণ চৌধুৰীৰ পদত্যাগৰ দাবী জনায় আমছুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে ।