অসম

assam

ETV Bharat / state

পাগল শিলাদিত্য আৰু হিমন্ত বিশ্ব শৰ্মা : আইনুদ্দিন আহমেদ - আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমান

গোৱালপাৰাৰ নৱাগত শিমলীতোলাত আমছুৰ শিমলীতোলা আঞ্চলিক কমিটিৰ উদ্যোগত বাল্য বিবাহ, শিশু শ্ৰমিক আৰু এনআৰচি সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভা ৷ সভাত শিলাদিত্য আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আমছুৰ কাৰ্য্যকৰী সভাপতি আইনুদ্দিন আহমেদৰ

পাগল শিলাদিত্য আৰু হিমন্ত বিশ্বশৰ্মা : আইনুদ্দিন আহমেদ

By

Published : Sep 24, 2019, 11:27 PM IST

গোৱালপাৰা,24 ছেপ্টেম্বৰ : শিলাদিত্য আৰু হিমন্ত বিশ্ব শৰ্মা পাগল। হিমন্ত বিশ্ব শৰ্মা আৰু শিলাদিত্যৰ উচটনি মূলক কথাত সংখ্যালঘু ৰাইজে কোনো ধৰণৰ অসাংবিধানিক কাৰ্য্য নকৰে । এই বিস্ফোৰক মন্তব্য আমছুৰ কাৰ্য্যকৰী সভাপতি আইনুদ্দিন আহমেদৰ । সোমবাৰে গোৱালপাৰাৰ নৱাগত শিমলীতোলাত আমছুৰ শিমলীতোলা আঞ্চলিক কমিটিৰ উদ্যোগত বাল্য বিবাহ, শিশু শ্ৰমিক আৰু এনআৰচি সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভাত এই বিস্ফোৰক মন্তব্য কৰে নেতাগৰাকীয়ে । সংখ্যালঘু ছাত্ৰ নেতা গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা আৰু শিলাদিত্যক পাগল আখ্যা দিয়াৰ লগতে যদি এনআৰচি সন্দৰ্ভত যদি কিবা ক'ব লগা আছে তেন্তে সংবাদমাধ্যমৰ আগত পাগলৰ দৰে প্ৰলাপ নকৰি উচ্চতম ন্যায়ালয়ত উপস্থাপন কৰিবলৈ প্ৰত্যাহ্বান জনায় ।

পাগল শিলাদিত্য আৰু হিমন্ত বিশ্ব শৰ্মা : আইনুদ্দিন আহমেদ

আনহাতে অসমৰ কোনো এটা ৰাজনৈতিক দলেই কোনো কালেই বিদেশী সমস্যা সমাধান হোৱাটো নিবিচাৰে, সমস্যা জীয়াই ৰাখি কেৱল সহজ সৰল জনসাধাৰণক ফুটবলৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে বুলি মন্তব্য আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানৰ । আজিজুৰ ৰহমানে লগতে এনআৰচি ৰ পৰা নাম বাদ পৰা সকলক আতংকিত নহ'বলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details