গোৱালপাৰা, ২৩ জানুৱাৰী: মুখত ক'লা কাপোৰ বান্ধি গোৱালপাৰাত আছুৰ সদস্যই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । নাগৰিকত্ব সংশোধনী আইন বাতিল, পৰিৱেশিক প্ৰভাৱ নিৰূপণ আধিসূচনা(EIA) প্ৰত্যাহাৰ আৰু অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণ আৰু অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ সমাধানৰ দাবীত শনিবাৰে অৱস্থান বিক্ষোভ প্ৰদৰ্শন কৰে ।
গোৱালপাৰাত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ - 'কা' বাতিল, ৬নং দফা কাৰ্যকৰীকৰণ
'কা' বাতিল, ৬নং দফা কাৰ্যকৰীকৰণৰ দাবীত শনিবাৰে অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে । মুখত ক'লা কাপোৰ বান্ধি আছুৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।
![গোৱালপাৰাত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ গোৱালপাৰাত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10350853-598-10350853-1611399084465.jpg)
গোৱালপাৰাত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
গোৱালপাৰাত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গোৱালপাৰাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে কয় যে, "দেহত শেষ বিন্দু তেজ থকালৈকে আমি 'নাগৰিকত্ব সংশোধনী আইন'ৰ বিৰোধিতা কৰি যাম, 'কা' আমি কোনোপধ্যেই মানি নলও" । লগতে তেওঁলোকৰ দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে সভাপতিগৰাকীয়ে ।
লগতে পঢ়ক:গণতন্ত্ৰ দিৱসত প্ৰদৰ্শিত হ’ব বাংলাদেশৰ ঘৰুৱা বন্দুক BD-08