অসম

assam

By

Published : Dec 6, 2020, 10:47 PM IST

ETV Bharat / state

গোৱালপাৰাত ৰাইজৰ দলৰ সাধাৰণ সভা অনুষ্ঠিত

গোৱালপাৰাত ৰাইজৰ দলৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত ৷ জলেশ্বৰ সমষ্টিৰ বাবে আহ্বায়ক কমিটী গঠন কৰাৰ বাবে সভা অনুষ্ঠিত ৷ সভাত উপস্থিত ভালে সংখ্যক ব্যক্তি ৷

general meeting of the 'Raijor Dol' was held at Goalpara
গোৱালপাৰাত ৰাইজৰ দলৰ সাধাৰণ সভা অনুষ্ঠিত

গোৱালপাৰা, 6 ডিচেম্বৰ : 2021 চনৰ বিধানসভা নিৰ্বাচনক লৈ ক্ৰমাৎ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল । এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই ৰাজ্যত নতুনকৈ জন্মলাভ কৰা 'ৰাইজৰ দল' । দেওবাৰে জলেশ্বৰ সমষ্টিত আহ্বায়ক কমিটী গঠন কৰাৰ উদ্দেশ্যে জলেশ্বৰ চেন্ট্ৰেল লাইবেৰীত অনুষ্ঠিত হয় ৰাইজৰ দলৰ এখন সভা ।

সভাত ৰাইজৰ দলৰ বিভিন্ন বক্তাই শাসকীয় দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে কৃষক নেতা অখিল গগৈক ৰাজনৈতিক ষড়যন্ত্ৰ কৰি কাৰাৰুদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে ।

গোৱালপাৰাত ৰাইজৰ দলৰ সাধাৰণ সভা অনুষ্ঠিত

উল্লেখযোগ্য যে, সভাত জলেশ্বৰ সমষ্টিৰ বাবে মনিৰ উদ্দিন আহমেদ (মাইকেল), জয়নাল আবেদিন মোল্লা, ৰকিবুল ইছলাম মোল্লা, জিয়াউৰ ৰহমান, কাফি মাহমুদুল আনোৱাৰক মুখ্য আহ্বায়ক হিচাপে লৈ 111 জনীয়া আহ্বায়ক সমিতি গঠন কৰে । সভাত ৰাইজৰ দলৰ গোৱালপাৰা জিলাৰ মুখ্য আহ্বায়ক ক্ৰমে, আমিনুল ইছলাম, নিলিমা বেগম, অধিবক্তা মুস্তাকিমুল হক, অধিবক্তা আয়ুব জিন্নাৰ লগতে জিলা কৃষক মুক্তিৰ সাধাৰণ সম্পাদক মনি শংকৰ গয়াৰী, যুটীয়া সম্পাদক নজৰুল ইছলামৰ লগতে ৰাইজৰ দলৰ কৰ্মকৰ্তাৰ উপৰিও ভালে সংখ্যাক ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক :ডিব্ৰুগড় অনাতাঁ‌ৰ কেন্দ্ৰ জীয়াই ৰখাৰ দায়িত্ব চৰকাৰৰ": লুৰিণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details