অসম

assam

ETV Bharat / state

গোৱালপাৰাৰ কাছাৰী ঘাটত পিতৃৰ চিতাভস্ম বিসৰ্জন পুত্ৰ গৌৰৱ গগৈৰ

শনিবাৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম গোৱালপাৰাৰ কাছাৰী ঘাটত বিসৰ্জন দিয়ে পুত্ৰ গৌৰৱ গগৈয়ে ৷ সেই উপলক্ষে কাছাৰী ঘাটত প্ৰথমে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ৷ তাৰ পাচতেই সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু স্মৃতিচাৰণ সভা আয়োজন কৰি পুত্ৰ গৌৰৱ গগৈয়ে পিতৃৰ চিতাভস্ম মাংগলিক কাৰ্যৰে ব্ৰক্ষ্মপুত্ৰত বিসৰ্জন দিয়ে ৷

Gaurav Gogoi at Goa Kasari Ghat goalpara
কাছাৰী ঘাটতত পিতৃৰ চিতাভস্ম বিসৰ্জন পুত্ৰ গৌৰৱ গগৈৰ

By

Published : Jan 2, 2021, 9:25 PM IST

গোৱালপাৰা, 2 জানুৱাৰী : প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম শনিবাৰে গোৱালপাৰা কাছাৰী ঘাটত বিসৰ্জন দিয়ে পুত্ৰ গৌৰৱ গগৈয়ে । শনিবাৰে দুপৰীয়া পিতৃৰ চিতাভস্ম লৈ পুত্ৰ গৌৰৱ গগৈসহ কেইবাজনো কংগ্ৰেছৰ নেতা-কৰ্মীয়ে গোৱালপাৰা কাছাৰী ঘাটত উপস্থিত হয় ৷

গোৱালপাৰাৰ কাছাৰী ঘাটত পিতৃৰ চিতাভস্ম বিসৰ্জন পুত্ৰ গৌৰৱ গগৈৰ

সেই উপলক্ষে কাছাৰী ঘাটত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু স্মৃতিচাৰণ সভা আয়োজন কৰাৰ পাচতেই পুত্ৰ গৌৰৱ গগৈয়ে ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত মাংগলিক কাৰ্য সম্পন্ন কৰি পিতৃৰ চিতাভস্ম নদীত বিসৰ্জন দিয়ে ।

কাছাৰী ঘাটতত পিতৃৰ চিতাভস্ম বিসৰ্জন দিলে পুত্ৰ গৌৰৱ গগৈয়ে

লগতে পঢ়ক:26/11 মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details