অসম

assam

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাই অসমৰ কথা ভাৱক, বাংলাদেশৰ কথা নহয় - এন আৰ চি

আমাৰ টকা খাই বাংলাদেশৰ কথা ভাৱিবলৈ এৰক,খবৰদাৰ হিমন্ত বিশ্ব শৰ্মা ৷ গণসমাৱেশত এইদৰে সকিয়নী প্ৰদান অসম মিঞা অসমীয়া পৰিষদৰ সম্পাদক এম মহৰ আলিৰ ৷

হিমন্ত বিশ্ব শৰ্মাই অসমৰ কথা ভাবক, বাংলাদেশৰ কথা নহয়
হিমন্ত বিশ্ব শৰ্মাই অসমৰ কথা ভাবক, বাংলাদেশৰ কথা নহয়

By

Published : Nov 26, 2019, 11:27 PM IST

গোৱালপাৰা, 26 নৱেম্বৰ: হিমন্ত বিশ্ব শৰ্মাই অসমৰ কথা ভাৱক। বাংলাদেশৰ কথা নহয়। আমাৰ টকা খাই বাংলাদেশৰ কথা ভাৱিবলৈ এৰক, খবৰদাৰ হিমন্ত বিশ্ব শৰ্মা৷ মঙলবাৰে অনুষ্ঠিত গণ সমাবেশত এইদৰে সকিয়নী অসম মিঞা অসমীয়া পৰিষদৰ সম্পাদক এম মহৰ আলিৰ ৷

গোৱালপাৰাত অসম মিঞা অসমীয়া পৰিষদৰ গণ সমাবেশ

গোৱালপাৰাৰ লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত মঙলবাৰে অনুষ্ঠিত হৈছিল অসম মিঞা অসমীয়া পৰিষদৰ গণসমাবেশ। সমাবেশত অংশ গ্ৰহণ শ-শ লোকৰ। হাতে হাতে প্লে কাৰ্ড লৈ লক্ষীপুৰ ৰাজহুৱা খেলপথাৰৰ পৰা মিঞা পৰিষদৰ হুকাংৰ। এন আৰ চি প্ৰস্তুতকৰণ,কেবৰ বিৰোধিতাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত উত্তাল হ'ল ৰাজহুৱা খেলপথাৰ ।

মিঞা পৰিষদৰ স্পষ্ট দাবী 1971ক ভিত্তিবৰ্ষ কৰি গাঁৱত দণ্ডাধীশ বহি সম্পূৰ্ণ কৰক এন আৰ চিৰ কাম । হিমন্ত বিশ্ব শৰ্মাৰ কথাত অসম নচলে । অসমৰ ৰাইজৰ ধনেৰে চলি আছে হিমন্ত। গতিকে বাংলাদেশীৰ হৈ ওকালতি কৰা বন্ধ কৰক মন্ত্ৰীগৰাকীয়ে। অন্যথা বাংলাদেশলৈ যাওঁক। সমাবেশত মিঞা পৰিষদৰ সভাপতি এম জি হাজৰিকা,সম্পাদক এম মহৰ আলী সহ ভালে কেইগৰাকী নেতা উপস্থিত থাকে ৷

লগতে চাওক-26/11ৰ 11টা বছৰঃ আতংক আৰু বলীউড ছবি

ABOUT THE AUTHOR

...view details