অসম

assam

By

Published : Apr 5, 2021, 4:02 PM IST

ETV Bharat / state

পঞ্চভূতত বিলীন বীৰ শ্বহীদ বাবলু ৰাভাৰ নশ্বৰ দেহ

সোমবাৰে গোৱালপাৰৰা দামৰাৰ আঞ্চলিক শ্মশান ঘাটত হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত শেষকৃত সম্পন্ন কৰা হয় বীৰ শ্বহীদ বাবলু ৰাভাৰ ৷

funeral-of-martyr-bablu-rabha-done-at-goalpara
পঞ্চভূতত বিলীন বীৰ শ্বহীদ বাবলু ৰাভাৰ নশ্বৰ দেহ

গোৱালপাৰা, 5 এপ্ৰিল: এক শোকাকুল পৰিৱেশৰ মাজত গোৱালপাৰা জিলাৰ দামৰাৰ আঞ্চলিক শ্মশান ঘাটত সামৰিক মৰ্যাদাৰে শেষকৃত সম্পন্ন কৰা হয় শ্বহীদ বাবলু ৰাভাৰ ৷ শনিবাৰে ছত্তিশগড়ৰ বীজাপুৰত সেনাবাহিনীৰে হোৱা মাওবাদীৰ সংঘৰ্ষত শ্বহীদ হৈছিল চিআৰপিএফৰ কোব্ৰা ৰেজিমেন্টত কৰ্মৰত বাবলু ৰাভা ৷

পঞ্চভূতত বিলীন বীৰ শ্বহীদ বাবলু ৰাভাৰ নশ্বৰ দেহ

দামৰাৰ আঞ্চলিক শ্মশান ঘাটত হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত শেষকৃত সম্পন্ন কৰা হয় বীৰ শ্বহীদ গৰাকীৰ ৷ এই ঘটনাই শোকৰ ছাঁ পেলাইছে বৃহত্তৰ দুধনৈ, দামৰা অঞ্চলত ৷ বীৰ শ্বহীদ গৰাকীক লৈ গৌৰৱাম্বিত বুলি মন্তব্য অঞ্চলবাসীৰ ৷

উল্লেখ্য যে, ২০১১ চনত দেশ মাতৃৰ সেৱাৰ অৰ্থে চিআৰপিএফৰ কোব্ৰা ৰেজিমেন্টত যোগদান কৰিছিল বাবলু ৰাভাই ৷ সৰুৰে পৰা এটা সৰু জুপুৰি ঘৰৰ পৰাই দেশ মাতৃৰ সেৱাৰ সপোন দেখিছিল শ্বহীদ গৰাকীয়ে ৷ শ্বহীদ গৰাকীয়ে বিদায়ক্ষণত ইহ সংসাৰত এৰি থৈ যায় পত্নী, কণমানি কণ্যা, মাতৃ আৰু দুজন ভাতৃক ৷

দেশৰ বাবে শ্বহীদ হোৱা হোৱা বাবলু ৰাভাৰ পত্নী হোৱাৰ বাবে গৌৰাম্বিত বুলি কয় পত্নী লিপিকা ৰাভাই।

লগতে পঢ়কঃজাতীয় চেতনা আৰু সংগ্ৰামী সত্বাৰ গৰাকী হিৰণ্য ভট্টাচাৰ্য আৰু নাই

ABOUT THE AUTHOR

...view details