গোৱালপাৰা, 26 নৱেম্বৰ :ধন লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্ল'জ কৰা হ’ল আৰক্ষীৰ ৷ গোৱালপাৰাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰি আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰা হয় । ধন দাবীৰ অভিযোগ উত্থাপিত হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰি আৰক্ষীৰ বিৰুদ্ধে ৷ ইয়াৰ পিচতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷
গোৱালপাৰা জিলাৰ একেখন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰিগৰাকীকৈ আৰক্ষীক শেহতীয়াকৈ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ চাৰি আৰক্ষীৰ বিৰুদ্ধে জুৱাৰীক প্ৰহাৰ আৰু ধন দাবীৰ অভিযোগ উত্থাপন হৈছিল ৷
জুৱাৰীক ধন দাবী আৰু প্ৰহাৰ কৰাৰ অভিযোগতে গোৱালপাৰা জিলাৰ ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু বৰুৱাসহ দুই কনিষ্টবল ক্ৰমে- পিংকু বৰুৱা, ৰকিবুল ইছলাম আৰু গাড়ী চালক তথা গৃহৰক্ষী সুকুমাৰ বৰ্মনক আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিয়ে ৰিজাৰ্ভ ক্ল’জ কৰিছে ।