গোৱালপাৰা, 8 মে’: পশ্চিম গোৱালপাৰাৰ বগুৱান আৰক্ষী থানাৰ অধীনস্থ আমবাৰীত প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ পুত্তলিকা দাহ কৰে । বিজেপিৰ সংখ্যালঘু মৰ্চাৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি নুৰজামাল শিকদাৰৰ নেতৃত্বত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী। বুধবাৰে প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ নেতৃত্বত গঠিত মুছলিম স্বায়ত্ত শাসিত পৰিষদ নামৰ তথাকথিত সংগঠনটোৱে বাৰ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল। এই বন্ধৰ বিৰোধিতা কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাই।
প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ পুত্তলিকা দাহ - মুছলিম স্বায়ত্ত শাসিত পৰিষদ
মুছলিম স্বায়ত্ত শাসিত পৰিষদ নামৰ সংগঠনটো এটা সাম্প্ৰদায়িক সংগঠন বুলি উল্লেখ কৰি সকীয়নি বিজেপিৰ সংখ্যালঘু মৰ্চাৰ গোৱালপাৰা জিলা সমিতিৰ ৷
![প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ পুত্তলিকা দাহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3222348-thumbnail-3x2-effigy.jpeg)
প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ পুত্তলিকা দাহ
প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ পুত্তলিকা দাহ
আৰু পঢ়ক: ৰমজানৰ আৰম্ভণিতে পাকিস্তানত বিস্ফোৰণ
মুছলমানৰ নামত ভণ্ডামি নচলিব,ৰছুল হক বাহাদুৰ হুছিয়াৰ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে তেওঁলোকে। মুছলিম স্বায়ত্ত শাসিত পৰিষদ নামৰ সংগঠনটো এটা সাম্প্ৰদায়িক সংগঠন বুলি উল্লেখ কৰি সকীয়নি দিয়ে সংগঠনটোৰ নেতৃত্বক। এনে কাৰ্যৰ পৰা আতৰত থাকিবলৈ সকীয়াই দিয়ে সভাপতি নুৰজামাল শিকদাৰে।