অসম

assam

ETV Bharat / state

Sand smuggling in Goalpara : দেওশিলা নৈত বন বিভাগৰ অভিযানত 4 টাকৈ নিষিদ্ধ বালি উত্তোলক মেচিন জব্দ - দেওশিলা নৈ

ইটিভি ভাৰতৰ বাতৰিৰ পিছতেই গা লৰিল বন বিভাগৰ ৷ দেওশিলা নৈত নিষিদ্ধ বালি উত্তোলক মেচিনৰ বিৰুদ্ধে অভিযান বন বিভাগৰ ৷ অভিযানত ৪ টাকৈ মেচিন জব্দ ৷

Sand smuggling in Goalpara
নিষিদ্ধ বালি উত্তোলক মেচিনৰ বিৰুদ্ধে অভিযান

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 7:41 PM IST

দেওশিলা নৈত অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান বন বিভাগৰ

গোৱালপাৰা, 30 আগষ্ট : ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱ ৷ ইটিভি ভাৰতৰ বাতৰিৰ পিছতেই গা লৰিল বন বিভাগৰ ৷ দেওশিলা নৈত নিষিদ্ধ বালি উত্তোলক মেচিনৰ বিৰুদ্ধে অভিযান বন বিভাগৰ ৷ অভিযানত 4 টাকৈ নিষিদ্ধ বালি উত্তোলক মেচিন জব্দ কৰে বন বিভাগে ৷ দুধনৈ-কৃষ্ণাই নৈতো অভিযান বন বিভাগৰ ৷

উল্লেখ্য যে, দেওশিলা নৈত চলি থকা অবৈধ বালি খননৰ বাতৰি ইটিভি ভাৰতত ধাৰাবাহিক ভাৱে প্ৰচাৰ হোৱাৰ পিছতেই গা-লৰিল বনবিভাগৰ ৷ গোৱালপাৰা জিলাৰ ধনুভাঙাৰ দেওশিলা নৈত পৰা একাংশ বালি চোৰে নীতি বহিৰ্ভূত ভাবে মেচিনেৰে বালি খনন কাৰ্য চলোৱাৰ বিৰুদ্ধে চলিল বন বিভাগৰ অভিযান ৷ এই অভিযানত চাৰিটা পাৱাৰ পাম্প মেচিন জব্দ কৰিবলৈ সক্ষম হয় ৰংজুলি বন বিভাগ ৷ দেওশিলা নৈত একাংশ বালি চোৰে দীৰ্ঘদিন ধৰি মেচিনেৰে বালি খনন চলোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত ইটিভি ভাৰতত ধাৰাবাহিক ভাৱে বাতৰি প্ৰচাৰ কৰা হৈছিল ৷

ইটিভি ভাৰতত বাতৰি প্ৰচাৰৰ পিছতেই সাৰ পাইছে গোৱালপাৰা বনবিভাগ ৷ বুধবাৰে পুৱাৰ ভাগত দেওশিলাবাসী ৰাইজৰ সহযোগত ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াৰ নেতৃত্বত যোৱা এদল বনকৰ্মীয়ে মাদাং গাঁৱৰ দেওশিলা নদীত অভিযান চলায় ৷ এই অভিযানত অবৈধ ভাবে পাৱাৰ পাম্প মেচিনেৰে বালি উঠাই থকা অৱস্থাত চাৰিটাকৈ মেচিন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ ৷ অৱশ্যে অবৈধ বালি ব্যৱসায়ৰ সৈতে জড়িত কোনো লোকক কৰায়ত্ব কৰিব লৈ সক্ষম নহ'ল বন বিভাগ ৷

জব্দকৃত মেচিন কেইটা ৰংজুলি বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আনে বনকৰ্মীৰ দলটোৱে ৷ উল্লেখ যে, দেওশিলা নৈৰ পিছতেই দুধনৈ-কৃষ্ণাই নৈতো বনবিভাগে অভিযান চলায় ৷ অৱশ্যে নৈ দুখনৰ পৰা কোনো ধৰণৰ বালি উত্তোলক মেচিন জব্দ কৰিবলৈ সক্ষম হোৱা নাই দলটোৱে ৷

লগতে পঢ়ক :Price of cooking gas: চাৰিশৰ পৰা বাৰশলৈ বৃদ্ধি পোৱা ৰন্ধন গেছৰ দাম দুশ টকা কমিল; সন্তুষ্ট নহয় ৰাইজ

ABOUT THE AUTHOR

...view details