অসম

assam

ETV Bharat / state

বগোলামাৰী সংৰক্ষিত বনাঞ্চলত বনবিভাগৰ উচ্ছেদ - forest eviction at goalpara

মঙলবাৰে গোৱালপাৰাৰ বগোলামাৰী সংৰক্ষিত বনাঞ্চলত বনবিভাগে চলালে উচ্ছেদ অভিযান ৷ প্ৰায় 5 হেক্টৰ ভূমিৰ পৰা উচ্ছেদ কৰিলে চৰাঞ্চলৰ লোকে নিৰ্মাণ কৰা ৩৫ টাকৈ গৃহ ৷

forest eviction at goalpara
বগোলামাৰী সংৰক্ষিত বনাঞ্চলত বনবিভাগৰ উচ্ছেদ অভিযান

By

Published : Jan 5, 2021, 3:13 PM IST

Updated : Jan 5, 2021, 3:29 PM IST

গোৱালপাৰা,5 জানুৱাৰী: গোৱালপাৰাৰ বগোলামাৰী সংৰক্ষিত বনাঞ্চলত বনবিভাগৰ উচ্ছেদ অভিযান ৷ মঙলবাৰে দিনৰ ভাগত বন বিভাগে ৫ হেক্টৰ বেদখলত থকা ভূমিৰ পৰা উচ্ছেদ কৰিলে ৩৫ টাকৈ গৃহ ৷ দীৰ্ঘদিনৰ পৰা অঞ্চলটোত বলদমাৰী চৰাঞ্চলৰ গৰাখহনীয়াত গৃহহাৰা হোৱা বহু লোকে নিৰ্মাণ কৰি আহিছিল গৃহ৷ একাংশই ভূ-মাফিয়াই প্ৰশাসনৰ চকুত ধুলি মাৰি বনবিভাগৰ ভূমি বিক্ৰী কৰিছিল গৰাখহনীয়াত গৃহহাৰা হোৱা লোকসকলৰ ওচৰত ৷

বগোলামাৰী সংৰক্ষিত বনাঞ্চলত বনবিভাগৰ উচ্ছেদ অভিযান

ইফালে, বনবিভাগৰ উচ্ছেদ অভিযানত অসন্তুষ্ট হয় বিধায়ক এ কে ৰোচিদ আলম ৷ ঘটনাস্থলীত বিধায়ক গৰাকী উপস্থিত হৈ উচ্ছেদ অভিযানৰ বাবে চৰকাৰ আৰু প্ৰশাসনক দোষাৰোপ কৰে ৷ গৃহহাৰা লোক সকলৰ বাবে ইমান দিনে চৰকাৰে কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

আনহাতে, বিধায়ক গৰাকীৰ মন্তব্যৰ পাচতে সংমণ্ডল বন বিষয়া গৰাকীয়ে কয় যে, উচ্ছেদ কৰা ঠাইত নতুনকৈ গছ ৰোপন কৰা হ'ব ৷ লগতে বন্যহস্তী আৰু বান্দৰৰ বাবে সুকীয়াকৈ খাদ্যৰ উপযোগি হোৱাকৈ বিভিন্ন ফলৰ গছ ৰোপন কৰা হ'ব ৷ বনাঞ্চল বনৰীয়া জীৱ-জন্তুৰ বাবে, মানুহৰ বাবে নহয় ৷

লগতে পঢ়ক:অন্ধকাৰত ডুবিছে হিমা দাসৰ জন্মগাঁও

Last Updated : Jan 5, 2021, 3:29 PM IST

ABOUT THE AUTHOR

...view details