গোৱালপাৰা, 11 ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ কৃষ্ণাই খাৰদাঙত অবৈধ কাঠফলা কলৰ বিৰুদ্ধে সোমবাৰে পুৱতি নিশা বনবিভাগে অভিযান চলায় । অভিযান চলাই এটা কাঠফলা কল, দুখনকৈ ট্ৰেক্টৰসহ শাল-কাঠৰ কুন্দা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ । জানিব পৰা মতে জিলাখনৰ কৃষ্ণাই আঞ্চলিক বনবিভাগৰ অধীনস্থ খাৰদাঙত একাংশ অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি অবৈধ কাঠফলা কল বহুৱাই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ।
কৃষ্ণাই আঞ্চলিক বনবিভাগৰ এটি দলে গোপন সূত্ৰৰ পম খেদি পুৱতি নিশা অভিযান চলাই এটা কাঠফলা কল, দুখনকৈ ট্ৰেক্টৰসহ বৃহৎ পৰিমাণৰ শাল-কাঠৰ কুন্দা জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত কাঠৰ কুন্দাখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা হ’ব বুলি উল্লেখ কৰে বন বিভাগৰ দলে । উল্লেখ্য যে, বন বিভাগৰ দলে গোপন সূত্ৰৰ খবৰ মতে কৃষ্ণাই খাৰদাঙৰ আন এটা অবৈধ কাঠ ফলা কলত অভিযান চলাই যদিও চোৰাং কাঠ ব্যৱসায়ী সকলে বনকৰ্মী অহাৰ উমান পাই কাঠফলা কলটো অইন ঠাইলৈ স্থানান্তৰ কৰি পলায়ন কৰে । ফলত বনকৰ্মীৰ দলে কাঠফলা কলটোৰ পৰা একো জব্দ কৰিবলৈ সক্ষম নহয় ।