গোৱালপাৰা, 13 ফেব্ৰুৱাৰী:গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত নিজ কুৰ্শ্বাকাটী গাঁৱৰ এটা পৰিয়ালত খাদ্যৰ বিষক্ৰিয়া হৈ এটি কিশোৰৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, নিজ কুৰ্শ্বাকাটী গাঁৱৰ ছুৰুত জামালে শুকুৰবাৰে পুৱা বজাৰৰ পৰা আলু আৰু বেঙেনা কিনি পত্নী মজিৰন খাতুনক ৰান্ধিবলৈ দিছিল ৷ জামালৰ পৰিয়ালৰ সকলোৱে দুপৰীয়া খাদ্য গ্ৰহণ কৰাৰ লগতে নিশালৈও একে খাদ্য গ্ৰহণ কৰিছিল ৷
শুকুৰবাৰৰ নিশা প্ৰায় ন বজাৰ পৰাই স্বামী স্ত্ৰীৰ লগতে পুত্ৰ ৱাচকুৰুণি (11) আৰু আবু বক্কাৰ ছিদ্দিক(5) পেটৰ বিষত আক্ৰান্ত হয় আৰু বমি কৰিবলৈ ধৰে ৷ জানিব পৰা মতে ৰাতিৰ ভাগত পৰিয়ালটোৱে চিকিৎসকৰ সহায় নলৈ জৰা ফুকা কৰে আৰু পুৱালৈ ৱাচকুৰুণি আৰু আবু বক্কাৰ ছিদ্দিকৰ একেবাৰে দুৰ্বল হৈ পৰে ৷