গোৱালপাৰা, ১৩ এপ্ৰিল : দেশজুৰি লকডাউন চলি থকাৰ সময়তে খাদ্য সংকটত ভুগিছে গোৱালপাৰা চহৰৰ বহু লোক । সেয়েহে সামান্য পৰিমানে সাহায্য আগবঢ়াবলৈ আগবাঢ়ি আহিল গোৱালপাৰা জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি আমিনুল ইছলামে ।
গোৱালপাৰাত ১০০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ - লক ডাউন
গোৱালপাৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি আমিনুল ইছলামৰ প্ৰশংসনীয় পদক্ষেপ । বালিজানা আৰু মাটীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দুখন গাঁৱত মুঠ ১০০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে সভাপতি গৰাকীয়ে ।

গোৱালপাৰাত ১০০০ হাজাৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
গোৱালপাৰাত ১০০০ হাজাৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
সোমবাৰে দিনৰ ভাগত জিলাখনৰ বালিজানা আৰু মাটীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ এহেজাৰ পৰিয়ালৰ মাজত আমিনুল ইছলামে যোগান ধৰে খাদ্য সামগ্ৰী । দুখীয়া লোকসকলক বিতৰণ কৰা খাদ্য সামগ্ৰীৰ টোপোলাত আছে চাউল, আলু, নিমখ আৰু শাক-পাচলি । লগতে বিভিন্ন দল সংগঠনক তেওঁ আহ্বান জনাই যে, এই সময়ছোৱাত সকলোৱে মিলিজুলি দুখীয়া লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিব লাগে ।
Last Updated : Apr 13, 2020, 10:23 PM IST