অসম

assam

ETV Bharat / state

বান পৰিস্থিতিয়ে দিশহাৰা কৰিছে গোৱালপাৰাবাসীক - বান

চিলাৰভিটাৰ ভগ্ন মথাউৰিৰ ওপৰেৰে অহা বানৰ কোবাল সোঁতে উটুৱাই নিছে ৰাজমিতাৰ গড়কাপ্তানী পথ। ফলত ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে ৰাজমিতা চুলাৰচৰপাৰা গাঁৱৰ ৰাইজ। বানে ব্যাপক সংহাৰৰ সৃষ্টি কৰিছে গাঁওখনত।

Goalpara
বান পৰিস্থিতিত দিশহাৰা গোৱালপাৰাবাসী

By

Published : Jul 10, 2020, 7:46 PM IST

গোৱালপাৰা, 10 জুলাইঃৰাজ্যখনৰ বান পৰিস্থিতি কোনো কোনো ঠাইত উন্নত হোৱা পৰিলক্ষিত হৈছে যদিও, বেছিভাগ অঞ্চলতে বান পৰিস্থিতি বৰ্তমানেও অপৰিৱৰ্তিত। সাম্প্ৰতিক বানত দিশহাৰা হৈ পৰিছে গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ৰাজমিতাবাসী । বানৰ কোবাল সোঁতত উটি গৈছে কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ। ইতিমধ্যে গৃহহীন হৈছে ৫/৬ টা পৰিয়াল। অভিযোগ অনুসৰি, এই পৰ্যন্ত খবৰ নাই জিলা প্ৰশাসন অথবা সাংসদ-বিধায়কৰ।

লগতে পঢ়কঃ চিকিৎসালয়তেই কৰ'ণা ৰোগীৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, চিলাৰভিটাৰ ভগ্ন মথাউৰিৰ ওপৰেৰে অহা বানৰ কোবাল সোঁতে উটুৱাই নিছে ৰাজমিতাৰ গড়কাপ্তানী পথ। ফলত ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে ৰাজমিতা চুলাৰচৰপাৰা গাঁৱৰ ৰাইজ। বানে চৰম সংহাৰৰ সৃষ্টি কৰিছে গাঁওখনত। আতংকিত হৈ পৰিছে সমগ্ৰ গাঁওবাসী । কিন্তু সমষ্টিবাসীৰ কাষত বৰ্তমানলৈকে থিয় দিয়া নাই স্থানীয় বিধায়ক চাহাব উদ্দিন আহমেদ আৰু সাংসদ বদৰুদ্দিন আজমল।

বান পৰিস্থিতিত দিশহাৰা গোৱালপাৰাবাসী

আনফালে এই ক্ষেত্ৰত জিলা প্ৰশাসনেও কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । যিকোনো সময়তে পৰিস্থিতি অধিক ভয়াৱহ হ'ব পাৰে ৷ ফলত শংকিত হৈ পৰিছে গাঁওবাসী। এনে অৱস্থাত চৰকাৰ অথবা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে জিলাখনৰ ৰাজমিতাবাসী ভয়াৱহ প্ৰলয়ৰ সন্মুখীন হ'ব লাগিব বুলি উল্লেখ কৰে বানাক্ৰান্তই ।

ABOUT THE AUTHOR

...view details