গোৱালপাৰা, 29 মে': গোৱালপাৰাত ভয়াবহ বান পৰিস্থিতি ৷ এফালে লকডাউনে সৰ্বস্বান্ত কৰিছে সৰ্বাসাধাৰণ ৰাইজক, আনফালে প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তিত বিধস্ত সাধাৰণ শ্ৰেণীৰ কৃষক ৷ ইয়াৰ পাছতো চৰকাৰ,বিধায়ক আৰু প্ৰশাসন নিৰ্বিকাৰ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ উল্লেখ্য যে যোৱা ২০ তাৰিখৰ পৰা হোৱা নেৰেনেপেৰা বৰষুণ আৰু ধুমুহাই দিশহাৰা কৰিছে কৃষক সকলক ৷ লক ডাউনত জুৰুলা হৈ পৰা কৃষক সকলৰ ওপৰত যেন ভূতৰ ওপৰত দানহ পৰা দি আহিল বান পানী। জিলাখনৰ বিভিন্ন প্ৰান্তত হোৱা বানপানীত প্ৰায় তিনি হাজাৰ হেক্টৰ কৃষি ভূমিৰ ইৰি ধান, বড়ো ধান, চাইনীজ ধান এতিয়াও পানীৰ তলত ।
গোৱালপাৰাত বানে সৰ্বস্বান্ত কৰিছে সাধাৰণ কৃষক - বিধায়ক এ কে ৰচিদ আলম আৰু জিলা প্ৰশাসন
জিলাখনৰ বিভিন্ন প্ৰান্তত হোৱা বানপানীত প্ৰায় তিনি হাজাৰ হেক্টৰ কৃষি ভূমিৰ ইৰি ধান, বড়ো ধান, চাইনীজ ধান এতিয়াও পানীৰ তলত।
![গোৱালপাৰাত বানে সৰ্বস্বান্ত কৰিছে সাধাৰণ কৃষক Flood effect agricultural field at Goalpara](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7392104-thumbnail-3x2-p1.jpg)
ইফালে গোৱালপাৰা পূৱ সমষ্টিৰ ৰজা বুলি দম্ভালি মাৰি ফুৰা বিধায়ক এ কে ৰচিদ আলম আৰু জিলা প্ৰশাসনে বানপানীত সৰ্বস্বান্ত হোৱা কৃষক সকলৰ কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত কৃষক সকলে ৷ দিকবিদিক হেৰুৱাই কৃষি মন্ত্ৰী অতুল বৰালৈ এক-কালীন সাহায্যৰ জৰিয়তে সহায়ৰ আহ্বান জনাইছে কৃষক সকলে ৷ ইফালে ছাত্ৰ মুক্তিৰ এটা সজাতি দলে জিলাখনৰ বলবলা, কৃষ্ণাই, হাৰিমুৰা, দুধনৈ,লাক্ষীপুৰ আদি অঞ্চল পৰিভ্ৰমণ কৰি কৃষক সকলক উপযুক্ত ক্ষতি পূৰণ দিবলৈ দাবী জনাইছে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইনে কয় যে চৰকাৰে সদায় কৃষক সকলক মাহী আইৰ দৃষ্টিৰে চাই আহিছে তাৰ পৰিৱৰ্তে ধনীক শ্ৰেণী লোকৰ ঋণ হে মাফ কৰি আছে। কিন্তু কৃষক সকলে চলিত বর্ষত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে কিন্তু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বিহীত ব্যৱস্থা লবলৈ এতিয়ালৈকে কোনো বিহিত ব্যৱস্থা ৷
লগতে পঢ়কঃচিৰাঙত দুৰ্নীতি নিবাৰক শাখাৰ জালত জিলা সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰ
TAGGED:
Flood effect at Goalpara