বানৰ পাচত এতিয়া আতংক মাৰাত্মক ৰোগৰ - flood assam
পানী শুকাবলৈ আৰম্ভ কৰাৰ লগে বানাক্ৰান্ত অঞ্চলসমূহত দেখা দিছে মাৰাত্মক সমস্যা । এক দুৰ্গন্ধময় পৰিৱেশত থাকিবলগীয়া হৈছে বন্যাৰ্ত । অপৰিষ্কাৰ পানী, খোৱা বস্তু খাই আক্ৰান্ত হৈছে নানা ৰোগত । ঠাই বিশেষে ইতিমধ্যে আৰম্ভ হৈছে ডাইৰীয়া জণ্ডিচ ।
গোৱালপাৰা,20জুলাইঃপানী শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে বানাক্ৰান্ত অঞ্চলসমূহত দেখা দিছে মাৰাত্মক সমস্যা । এক দুৰ্গন্ধময় পৰিৱেশত থাকিবলগীয়া হৈছে বন্যাৰ্ত জনতা । অপৰিষ্কাৰ পানী, খোৱা বস্তু খাই আক্ৰান্ত হৈছে নানা ৰোগত । নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰতিখন স্বাস্থ্যকেন্দ্ৰ, ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ছাব চেণ্টাৰ বৰ্তমানেও পানীৰ তলত । এনে পৰিস্থিতিত আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰাটো কঠিন হৈ পৰিছে । যাৰ বাবে নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ লগতে কেবাখনো স্বাস্থ্যকেন্দ্ৰত মূল ভৱন এৰি আন ঠাইত চিকিৎসা সেৱা অব্যাহত ৰাখিছে চিকিৎসক কৰ্মী সকলে । এনে আহুকালৰ সময়ত দিনে নিশাই কৰ্তব্যত নিয়োজিত হৈ আছে চিকিৎসক কৰ্মচাৰীৰ দল । ইপিনে বিভিন্ন বানাক্ৰান্ত অঞ্চলৰ লগতে আশ্ৰয় শিবিৰ সমূহত অতিৰিক্ত চিকিৎসা কৰ্মীয়ে চিকিৎসা প্ৰদান কৰিছে বানাক্ৰান্ত সকলক । সকলো প্ৰত্যাহ্বান নেওচি প্ৰকৃত মানৱ সেৱাত নিয়োজিত হৈ আছে চিকিৎসক কৰ্মচাৰী সকল ।