গোৱালপাৰা,18জুলাইঃ শুকুৰবাৰে গোৱালপাৰা জিলাৰ টিপলাইত গড়কাপ্তানী পথৰ কাষত পানীত উপঙি অহা এটা মৃতদেহ উদ্ধাৰ হয় ৷ উদ্ধাৰ হোৱা মৃতদেহতো টিপলাইৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা টিপলাইৰ ভকতপাৰাৰ পবিত্ৰ দাসৰ পুত্ৰ অপূৰ্ণ দাস বুলি জানিব পৰা গৈছে ৷
10 ঘণ্টাৰ অন্তত উদ্ধাৰ বানত উটি যোৱা ছাত্ৰৰ মৃতদেহ
গোৱালপাৰা জিলাৰ টিপলাইত বানপানীত উটি যোৱা অপূৰ্ণ দাস নামৰ ছাত্ৰ গৰাকীৰ মৃতদেহ উদ্ধাৰ ৷
বানত মৃত্যু টিপলাইৰ দশম শ্ৰেণীৰ ছাত্ৰ
উল্লেখযোগ্য যে, বুধবাৰে এটা গড়কাপ্তানী পথ অতিক্ৰম কৰাৰ সময়তে পথৰ ওপৰৰে বাগৰি যোৱা বানৰ প্ৰবল সোঁতে উটুৱাই নিছিল অপূৰ্ব দাসক। ইপিনে ছাত্ৰ জন উটি যোৱাৰ 36 ঘন্টাৰ পিছত স্থানীয় ৰাইজে মৃত অৱস্থাত ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ছাত্ৰজনৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷
লগতে পঢ়কঃ ৰাজ্যৰ প্ৰলয়ংকৰী বানৰ শেহতীয়া তথ্য