গোৱালপাৰা, 31 অক্টোবৰ : বিগত দিনকেইটাত গোৱালপাৰা আৰক্ষীয়ে চোৰ-ডকাইতৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে । সোমবাৰে নিশা গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত শোলমাৰীত অভিযান চলাই আগিয়া আৰক্ষীয়ে ৫ টাকৈ দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰে ।
জানিব পৰামতে ৫ জনীয়া ডকাইতৰ দলটোৱে প্ৰথমে জিলাখনৰ কৃষ্ণাইত এগৰাকী ব্যৱসায়ীৰ পৰা ফোনযোগে ধনদাবী কৰিছিল। তাৰ পিচতে সেই দাবী কৰা ধনখিনি নিশা ব্যৱসায়ীগৰাকী নিবলৈ আহোঁতেই আৰক্ষীৰ উপস্থিতিৰ কথা উমান পাই ডকাইতৰ দলটোৱে প্ৰথমে কৃষ্ণাইৰ বজাৰৰ পলায়ন কৰে। তাৰ পিচতে ডকাইতৰ দলটোৱে কৃষ্ণাইৰ পৰা পোনে পোনে শোলমাৰীলৈ আহি পথচাৰীক অপহৰণ কৰিবলৈ পাং পাতে ৷
কিন্তু তেনে সময়তে কৃষ্ণাই আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আগিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে শোলমাৰীৰ টাটা মৰ্টৰছৰ সন্মুখৰ পৰা ৫ জনীয়া দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ডকাইত কেইটা ক্ৰমে প্ৰণৱ কুমাৰ হাজোৱাৰী (৪৫) (গোৱালপাৰা), মুকুন্দ ৰাভা (২৭) (দুধনৈ), দীননাথ বসুমতাৰী (৩০) (দুধনৈ), অভিজিত বসুমতাৰী (২২) (দুধনৈ) আৰু জন্মজেয় বসুমতাৰী (৩৫) (দুধনৈ) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।