অসম

assam

দুধনৈত সমূহীয়া বৰশী বোৱা প্ৰতিযোগিতা,আটাইতকৈ ডাঙৰ মাছটো ধৰাজনে পাব 13 লাখ টকীয়া বাহন

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 2:14 PM IST

দুধনৈত (Dudhnoi) মঙলবাৰে পুৱাৰে পৰা চলি আছে সমূহীয়া বৰশী বোৱা প্ৰতিযোগিতা(fishing competition)৷ উক্ত প্ৰতিযোগিতাৰ বিজয়ীগৰাকীক 13 লাখ টকীয়া মাৰুতি জীমনি বাহন প্ৰদানেৰে পুৰস্কৃত কৰা হ’ব (Goalpara) ৷ দুধনৈৰ মাজুবৰগুম গাঁৱৰ প্ৰাক্তন বিধায়ক দীপক ৰাভাৰ দুটাকৈ পুখুৰীত অনুষ্ঠিত হৈছে বৰশী বোৱা প্ৰতিযোগিতাখন ৷

fishing competition held in Dudhnoi
দুধনৈত সমূহীয়া বৰশী বোৱা প্ৰতিযোগিতা

দুধনৈত সমূহীয়া বৰশী বোৱা প্ৰতিযোগিতা

গোৱালপাৰা, 19 ডিচেম্বৰ : ‘‘বৰশী বাইছা নে পুঙালৈ চাইছা নে ’’ বিহু গীতটো নিশ্চয় আপুনিও শুনিছে ! অথবা ল’ৰালি কালত পুখুৰী বা নৈ পাৰত বৰশী ৱোৱাৰ কথা আপোনাৰ মনত আছে নে ! সেই বৰশী বোৱা ৰোমাঞ্চকৰ এটা পৰিৱেশলৈ যদি আপোনাক লৈ যোৱা যায় তেতিয়া হ’লে আপোনাৰো নিশ্চয় স্মৃতি সজীৱ হৈ পৰিব ৷ কিন্তু বিশ্বায়নৰ দিনত বৰশী বোৱাৰ সময়ে বা ক’ত ! তথাপিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে বৰশী বোৱাৰ প্ৰতিযোগিতা ৷

গোৱালপাৰা জিলাৰ দুধনৈত মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হ’ল সমূহীয়া বৰশী বোৱা প্ৰতিযোগিতা ৷ আজি পুৱাৰ পৰা দুধনৈৰ মাজুবৰগুম গাঁৱৰ প্ৰাক্তন বিধায়ক দীপক ৰাভাৰ প্ৰায় 14 বিঘা ভূমিৰ দুটা বৃহৎ আকাৰৰ পুখুৰীত আৰম্ভ হয় বৰশী বোৱা প্ৰতিযোগিতা ৷ উক্ত প্ৰতিযোগিতাত প্ৰায় দুই হাজাৰৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷

উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আজি পুৱাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডৰ পৰা অহা প্ৰতিযোগীৰে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় মাজুবৰগুম গাঁৱত ৷ ইফালে বৰশী বোৱা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে থাকিব 13 লাখ টকীয়া মাৰুতি জীমনি, দ্বিতীয় পুৰস্কাৰ হিচাপে মাৰুতি এছপ্ৰেছো আৰু তৃতীয় পুৰস্কাৰ হিচাপে থাকিব মাৰুতি অল্ট’ বাহন ৷ তদুপৰিও চতুৰ্থ পুৰস্কাৰত নগদ 1 লাখ টকা, পঞ্চম পুৰস্কাৰত 75 হাজাৰ টকা আৰু ষষ্ঠ পুৰস্কাৰত 40 হাজাৰ টকা থাকিব ৷ প্ৰতিযোগিতাতখনত সৰ্বমুঠ 66 টা পুৰস্কাৰ থাকিব বুলি জানিবলৈ দিছে আয়োজক কমিটিয়ে ৷

লগতে পঢ়ক :বিৰোধীৰ কথা অৰ্থহীন, জনসাধাৰণে বিশ্বাসত নলয় সেয়া প্ৰমাণ হ’ল : অতুল বৰা

ABOUT THE AUTHOR

...view details