গোৱালপাৰা, 31 মে’ :গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ড ৷ সোমবাৰে নিশা গোৱালপাৰা চৰকাৰী বিটি কলেজত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Fire at Goalpara govt BT Collage) । এই অগ্নিকাণ্ডৰ ফলত শিক্ষা প্ৰতিষ্ঠানটোৰ যথেষ্ট ক্ষতিসাধন হয় ৷
জানিব পৰা মতে, নিশা প্ৰায় 12.30 বজাত গোৱালপাৰা চহৰৰ বিঅ’চিস্থিত চৰকাৰী বিটি কলেজৰ এটা কোঠা দাউদাউকে জ্বলি উঠে । নিশাৰ ভাগত স্থানীয় ৰাইজে এই দৃশ্য প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ লোকক ৷ খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ৷