গোৱালপাৰা,21 ফেব্ৰুৱাৰীঃ গোৱালপাৰা জিলাৰ জলেশ্বৰৰ শিয়াল কান্দাৰ বউ বজাৰত বৃহস্পতিবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত কুৰিখনতকৈ অধিক দোকান ভস্মীভূত হোৱাৰ লগতে তিনিটাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় । অগ্নিকাণ্ডটোত প্ৰায় 50 লক্ষাধিক টকাৰ সা -সম্পত্তি ভস্মীভূত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । দুটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ডটো। ঘটনাস্থলীত জলেশ্বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ এটা দল,অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ড, 20খনতকৈও অধিক দোকান ভস্মীভূত - ভয়ংকৰ অগ্নিকাণ্ড
গোৱালপাৰাৰ জলেশ্বৰৰ শিয়াল কান্দাৰ বউ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ৷ 20 খনতকৈও অধিক দোকান ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় তিনিটাকৈ বাসগৃহ ৷ 50 লাখৰো অধিক সম্পত্তি নষ্ট হোৱাৰ আশংকা ৷

গোৱালপাৰাত ভয়ংকৰ অগ্নিকাণ্ড