গোৱালপাৰা, 29 জুলাই :চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ লক্ষ্যৰে শুকুৰবাৰে ২৭ খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা হয় (Pension Seva Kendra inaugurates in Goalpara)।
সমান্তৰালকৈ গোৱালপাৰাতো শুকুৰবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰা হয় গোৱালপাৰা জিলা পেঞ্চন সেৱা কেন্দ্ৰ । গোৱালপাৰাত উপস্থিত হৈ জিলাখনৰ অভিভাৱক তথা বিত্তমন্ত্ৰী অজন্তা নেওগে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত জিলা পেঞ্চন সেৱা কেন্দ্ৰটোৰ শুভ উদ্ধোধন কৰে(Finance minister inaugurates Pension service center in Goalpara)৷
এই সেৱা কেন্দ্ৰটোৰ জৰিয়তে অৱসৰ প্ৰাপ্তসকলে এতিয়াৰে পৰা পেঞ্চনৰ বাবে কষ্ট ভোগ কৰিবলগীয়া নহয় । এই কাৰ্যসূচীৰ পূৰ্বে মন্ত্ৰী়গৰাকীয়ে নটসূৰ্য ফণী শৰ্মা ভৱনত 'অৰুণোদয় মাহ' কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত গঠন কৰা তত্বাৱধায়ক দলসমূহক প্ৰশিক্ষণ প্ৰদান কৰা হয় ।