গোৱালপাৰাত সাৰ কেলেংকাৰী;আটক 1 - কলা বজাৰ
দৰিদ্ৰ কৃষকৰ নামত আৱন্টিত সাৰ ক'লা বজাৰত বিক্ৰী ৷ মনোৱাৰ হুছেইন নামৰ এজনক আটক ৷
গোৱালপাৰা, 3 আগষ্ট : গোৱালপাৰাৰ সুতাৰপাৰাত বৃহৎ সাৰ কেলেংকাৰী । পাঁচ শতাধিক দৰিদ্ৰ কৃষকৰ নামত প্ৰতিমাহে সুলভ মূল্যৰ বৃহৎ পৰিমাণৰ সাৰ ক'লা বজাৰত বিক্ৰী কৰিছে মনোৱাৰ হুছেইন নামৰ এজন যুৱকে । ৰাইজৰ তৎপৰতাত আটক হ’ল মনোৱাৰ হুছেইন । 2012 চনত মনোৱাৰ হুছেইন নামৰ যুৱকজনে স্থানীয় কেইজন মান ব্যক্তিক লৈ গঠন কৰিছিল এখন সমিতি । ইয়াৰ পাচত Agril Inputs Co-operative Society পঞ্জীয়ন কৰি প্ৰায় পাঁচ শতাধিক কৃষকক হিতাধিকাৰী হিচাপে কাৰ্যালয়ত দাখিল কৰে । কিন্তু এই বৃহৎ সংখ্যক কৃষকৰ নামত প্ৰতি মাহে শ শ কুইন্টল সুলভ মূল্যৰ সাৰ আৰু অন্যান্য কৃষিজাত সামগ্ৰী ক'লা বজাৰত বিক্ৰী কৰি আহিছে বুলি অভিযোগ কৰে হিতাধিকাৰী সকলে । আৰ টি আই ৰ তথ্যত পোহৰলৈ আহিছে এই তথ্য ৷ একাংশ হিতাধিকাৰীৰ গোচৰৰ ভিত্তিত মাটিয়া আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মনোৱাৰ হুছেইনক । লগতে, কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে মনোৱাৰ হুছেইনৰ ৷