অসম

assam

ETV Bharat / state

সাম্প্ৰদায়িক মন্তব্য কৰি ধূপধৰাত গ্ৰেপ্তাৰ যুৱক - গোৱাৰপাৰা জিলাৰ ধূপধাৰাৰ এজন যুৱক ৷

ফেচবুকত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল যুৱক ৷ হিন্দু ধৰ্মৰ বিৰুদ্ধে অপমানসূচক মন্তব্য প্ৰদান কৰিছিল ধূপধৰাৰ এজন যুৱকে ৷ বহু কেইটা সংগঠনৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ যুৱকজনক ৷

fake account with anti-Hindu post
সাম্প্ৰদায়িক মন্তব্য কৰি ধূপধৰাত গ্ৰেপ্তাৰ যুৱক

By

Published : May 5, 2020, 6:45 PM IST

বকো, 5 মে" : লক্ ডাউনৰ মাজতে ফেচবুকত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল গোৱাৰপাৰা জিলাৰ ধূপধাৰাৰ এজন যুৱক ৷

ঘটনাৰ বিৱৰণী অনুসৰি ধূপধৰাৰ হাহচৰাবুড়ীৰ আমজাদ হুছেইন নামৰ যুৱকজনে আমজাদ শৰ্মা নামৰ ফে'ক একাউন্টৰ পৰা দেওবাৰে নিশা হিন্দু ধৰ্মৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল ৷

সাম্প্ৰদায়িক মন্তব্য কৰি ধূপধৰাত গ্ৰেপ্তাৰ যুৱক

পৰৱৰ্তী সময়ত যুৱকজনৰ বিৰুদ্ধে ধূপধৰা আঞ্চলিক আৰছু,আবছু, আছু, আক্ৰাছু, কলিতা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে ধূপধৰা আৰক্ষী থানত এজাহাৰ দাখিল কৰে ৷

উক্ত এজাহাৰৰ ভিত্তিত গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ধূপধৰা আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷

সাম্প্ৰদায়িক মন্তব্য কৰি ধূপধৰাত গ্ৰেপ্তাৰ যুৱক

ইতিমধ্যে যুৱকজনক ভাৰতীয় দণ্ড বিধি আইনৰ 153 এ/295, আৰু আইটি এক্ট 67,ডি এম এক্ট 51 এ ৰ অধীনত গোচৰ ৰুজু কৰি গোৱালপাৰা জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : জৰাজীৰ্ণ ছালিৰ তলত সুখ-দুখৰ সংজ্ঞা বিচাৰিছে এগৰাকী আইতাই !

ABOUT THE AUTHOR

...view details