অসম

assam

ETV Bharat / state

গোৱালপাৰাত বনবিভাগৰ উচ্ছেদ অভিযান - গোৱালপাৰা জিলাৰ বনাঞ্চল বেদখল মুক্ত কৰা

গোৱালপাৰাত বনবিভাগৰ উচ্ছেদ অভিযান । ধনুভাঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় পোন্ধৰ হেক্টৰ ভূমিৰ বনাঞ্চল ধ্বংস কৰি গঢ়ি তোলা কৃষি পাম আৰু ছাগলী পাম শুকুৰবাৰে উচ্ছেদ কৰে বন বিভাগে (Eviction at Dhanubhanga Reserved Forest) ।

eviction-operation-of-forest-department-in-goalpara
গোৱালপাৰাত বনবিভাগৰ উচ্ছেদ অভিযান

By

Published : Sep 16, 2022, 10:05 PM IST

গোৱালপাৰা, 16 ছেপ্টেম্বৰ:গোৱালপাৰা জিলাত দুটা চৰকাৰী বিভাগৰ মাজত সৃষ্টি হৈছে এখন শীতল যুদ্ধ । জিলাখনৰ বন বিভাগ আৰু কৃষি বিভাগৰ মাজত চলিছে এই যুদ্ধ । এফালে জিলা কৃষি বিভাগে কৃষিকৰ্মৰ বাবে একাংশ লোকক প্ৰদান কৰিছে চৰকাৰী আঁচনিৰ সুবিধা, আনফালে কৃষি কৰ্ম কৰা স্থান অবৈধ বুলি বন বিভাগে কৰিছে উচ্ছেদ ।

জিলাখনৰ সংৰক্ষিত বনাঞ্চলত বিঘাই বিঘাই মাটিত বন বিভাগৰ অনুমতি অবিহনে কৃষিকৰ্ম কৰাৰ বাবে জিলা কৃষি বিভাগে চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বন বিভাগে । শুকুৰবাৰে হঠাতে গোৱালপাৰা বন সংমণ্ডলৰ বিষয়া ৰাজেন্দ্ৰ কুমাৰৰ নেতৃত্ব আৰু ৰংজুলি বন বিভাগৰ সহযোগত ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ধনুভাঙা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ পিছত পোহৰলৈ আহে এই তথ্য (Eviction at Dhanubhanga Reserved Forest) ।

গোৱালপাৰাত বনবিভাগৰ উচ্ছেদ অভিযান

বন সংমণ্ডল বিষয়াই উচ্ছেদ অভিযানৰ সন্দৰ্ভত জানিবলৈ দি কয় যে, ধনুভাঙাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে একাংশ লোকে অবৈধভাৱে বনাঞ্চল ধ্বংস কৰি কৃষি পাম আৰু ছাগলী পাম খোলাৰ লগতে ৰাবাৰ প্লেণ্টেচনৰ বাবে মাটি প্ৰস্তুত কৰিছিল ।

তাৰ ভিতৰত প্ৰায় পোন্ধৰ হেক্টৰ ভূমিৰ বনাঞ্চল ধ্বংস কৰি গঢ়ি তোলা কৃষি পাম আৰু ছাগলী পাম শুকুৰবাৰে উচ্ছেদ কৰে বন বিভাগে (Eviction operation of Forest Department) ৷ আনহাতে আশ্চৰ্যজনকভাৱে বনাঞ্চলৰ মাজত বন ধ্বংস কৰি ৰবৰ ব’ৰ্ড আৰু অসম চৰকাৰৰ কৃষি বিভাগে উক্ত ভূমিত কৃষি পাম আৰু ৰাবাৰ প্লেণ্টেচনৰ অনুমোদন জনোৱা কাৰ্যত আচৰিত হয় বন সংমণ্ডল বিষয়াগৰাকী ।

মন কৰিবলগীয়া যে, হাতী -মানুহৰ সংঘাত দূৰ কৰি হাতী আৰু মানুহৰ জীৱন সুৰক্ষাৰ বাবে গোৱালপাৰা জিলাৰ বনাঞ্চল বেদখল মুক্ত কৰাৰ বাবে উচ্চ ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশ দিছে । সেই নিৰ্দেশনা পালন কৰি ইতিমধ্যে জৰীপ কাৰ্য সম্পূৰ্ণ কৰা হৈছে ।

লগতে পঢ়ক:বিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details