গোৱালপাৰা,9 জুনঃ গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া ৷ ইতিমধ্যে ঘৰ- দুৱাৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে অঞ্চলটোৰ বহুলোকে ৷ গোৱালপাৰা জিলাৰ জলেশ্বৰত বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে ঘৰ মাটি-ভেটিৰ লগতে হাজাৰ -হাজাৰ কৃষি ভূমি ৷ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কৰাল গ্ৰাসত জলেশ্বৰ সমষ্টিৰ চিলাৰভিটা,কাঠুৰী,টাকিমাৰী ৰাইজৰ বিস্তৰ ক্ষতি সাধন হৈছে l ব্ৰহ্মপুত্ৰই চপৰা-চপৰে গৰা খহাই থকাত এতিয়া শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ উল্লেখ্য যে,গৰাখহনীয়াৰ ফলত স্থানান্তৰ কৰিব লগা হৈছে চিলাৰভিটা প্ৰাথমিক বিদ্যালয়ৰ লগতে শ শ পৰিয়ালৰ ঘৰ-দুৱাৰ l তাৰোপৰি গৰাখহনীয়াত যিকোনো মূহুৰ্ততে জাহ যাব পাৰে বুলি সন্দেহ খৰমুজা বেলডুবি মথাউৰিটো l
গোৱালপাৰাত ভয়ংকৰ গৰাখহনীয়াত শংকিত নৈ পৰীয়া ৰাইজ - ব্ৰহ্মপুত্ৰ
গোৱালপাৰা জিলাৰ জলেশ্বৰত ব্ৰহ্মপুত্ৰই চপৰা-চপৰে খহাইছে গৰা ৷ ইতিমধ্যে উন্মাদ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷
ইতিমধ্যে গৰাখহনীয়াত শংকিত হৈ নিজৰ ভেটি-মাটি ৰক্ষাৰ বাবে ওলাই আহিছে শ-শ স্থানীয় লোক l চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওপৰত ভৰষা নকৰি নিজে নিৰ্মাণ কৰিছে খহনীয়া প্ৰতিৰোধ বান্ধ l আনফালে, চিলাৰভিটাত উপস্থিত হয় জলেশ্বৰৰ স্থানীয় বিধায়ক চাহাব উদ্দিন আহমেদ আৰু বিশিষ্ট সমাজকৰ্মী তথা জলেশ্বৰ সমষ্টি উন্নয়ন কমিটিৰ সভাপতি মীৰ নাছিৰ উদ্দিন আহমেদ l বিধায়ক আহমেদে ৰাইজক পোন্ধৰ হাজাৰ টকা আৰু সমাজকৰ্মী মীৰ নাছিৰ উদ্দিন আহমেদে আগবঢ়াইছে ছাব্বিশ হাজাৰ টকা l অতি শীঘ্ৰে জলেশ্বৰত বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় লোক সকলে ৷
লগতে পঢ়ক- এমাহতে খহি গৈছে জলসম্পদ বিভাগে নিৰ্মান কৰা মথাউৰি