অসম

assam

ETV Bharat / state

গোৱালপাৰাত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া - খহনীয়া

গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া । অঞ্চলটোৰ শতাধিক কৃষি ভূমি বিলীন হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ৷ সম্প্ৰতি বিনিদ্ৰ ৰজনী কটাইছে নৈপৰীয়া ৰাইজে । চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ।

Erosion at goalpara assam etv bharat news
ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত

By

Published : Sep 14, 2020, 3:30 PM IST

গোৱালপাৰা,14 ছেপ্তেম্বৰ:বানৰ পিছত এইবাৰ কাল ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ৷ বিঘাই-বিঘাই কৃষি ভূমি জাহ গৈছে ব্ৰহ্মপুত্ৰত । গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আওলাতলী গাঁও পঞ্চায়তৰ বানীয়াপাৰাত বিগত এমাহে ভয়ংকৰ খহনীয়া অব্যাহত আছে। অঞ্চলটোত প্ৰায় প্ৰতিদিনে চপৰা-চপৰে দ্ৰুত হাৰত ব্ৰহ্মপুত্ৰৰ বুকুত খহিবলৈ লৈছে কৃষি ভূমি ৷

ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত

স্থানীয় ৰাইজে বাঁহ,গছৰ ডাল আদিৰে বৃথা চেষ্টা চলাইছে খহনীয়া প্ৰতিৰোধৰ । তৎসত্বেও খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গোৱালপাৰাৰ জলসম্পদ বিভাগৰ আজিলৈকে কোনো গুৰুত্ব নোহোৱা দেখা গৈছে। কিছুদিন পূৰ্বে বিভাগটোৰ তৰফৰ পৰা এটা পৰিদৰ্শনকাৰী দল আহি অঞ্চলটোৰ অৱস্থা সম্পৰ্কে বুজ লৈ যায় যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি সদৰী কৰিছে স্থানীয় ৰাইজে ৷ শীঘ্ৰে চৰকাৰক এই খহনীয়া ৰোধৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অঞ্চলবাসীয়ে ৷

লগতে চাওকঃগোলাঘাটত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী

ABOUT THE AUTHOR

...view details