বৰপেটা, 18 জুলাইঃ বৰপেটাৰ বাঘবৰত বানৰ সমান্তৰালকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । বাঘবৰৰ উত্তৰ সুখোৱাৰঝাৰ গাঁৱৰ 2 আৰু 3 নং খণ্ডত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ইতিমধ্যে আতংকিত কৰি তুলিছে অঞ্চলবাসীক । খহনীয়াৰ কবলত পৰা শতাধিক পৰিয়ালে ঘৰ-দুৱাৰ এৰি কোনোমতে প্ৰাণ লৈ অইন ঠাইলৈ স্থানান্তৰিত হোৱাৰ উপৰিও শতাধিক পৰিয়াল এতিয়া নিজৰ ঘৰ দুৱাৰ ভঙাত ব্যস্ত ।
বাঘবৰত বান-খহনীয়াঃ ঘৰ-বাৰী এৰিছে বন্যাৰ্তই
খহনীয়াৰ কৱলত পৰা শতাধিক পৰিয়াল ঘৰ-দুৱাৰ এৰি কোনোমতে প্ৰাণ লৈ অইন ঠাইলৈ স্থানান্তৰিত হোৱাৰ উপৰিও শতাধিক পৰিয়াল এতিয়া নিজৰ ঘৰ দুৱাৰ ভঙাত ব্যস্ত । প্ৰকৃতিৰ এই দুৰ্যোগত এতিয়া দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ শতাধিক পৰিয়াল
বৰপেটাত বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া
প্ৰকৃতিৰ এই দুৰ্যোগত এতিয়া দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ শতাধিক পৰিয়াল । আনহাতে, বানৰ সময়তে ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰাৰ পাছতো ঘটনাস্থলীত বৰ্তমান পৰ্যন্ত উপস্থিত হোৱা নাই প্ৰশাসনৰ কোনো লোক । উদ্ধাৰকাৰী দল নথকাত বিপাঙত পৰিছে বন্যাৰ্ত । শীঘ্ৰে ঘটনাস্থলীত অতিৰিক্ত নাও আৰু উদ্ধাৰকাৰী এছডিআৰএফৰ দল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে বানপীড়িত লোকসকলে ।