গোৱালপাৰা, 2 ডিচেম্বৰ : বুধবাৰে নিশা গোৱালপাৰা জিলাৰ লখিপুৰৰ চৈৰাবাৰী অঞ্চলত প্ৰৱেশ কৰা এটি বনৰীয়া হাতীৰ জাকৰ পোৱালীসহ 5 টাকৈ হাতী এটি দ' পুখুৰীত আৱদ্ধ হৈ পৰিছিল(Five elephants saved after getting stuck in muddy pond in Goalpara) ৷ ফলত বৃহস্পতিবাৰৰ দিনৰ ভাগলৈকে পুখুৰীটোৰ বোকাত আৱদ্ধ হৈ পৰিছিল এই হাতীকেইটা ৷
এই বিষয়ে স্থানীয় ৰাইজে অৱগত হোৱাৰ পাছতে স্থানীয় আৰক্ষীৰ লগতে বন বিভাগক খবৰ দিয়ে ৷ ইয়াৰ পিছতে আৰক্ষীৰ আৰু বন বিভাগৰ দলটোৱে অঞ্চলটোৰ দ' পুখুৰীটোত আৱদ্ধ হৈ থকা হাতীকেইটাক উদ্ধাৰ কৰি কাষৰীয়া বনাঞ্চললৈ খেদি পঠিয়াই ৷
চৈৰাবাৰীত দ' পুখুৰীত আৱদ্ধ 5 টাকৈ বনৰীয়া হাতী উল্লেখ্য যে বিগত এটা সপ্তাহে প্ৰায় 40 টাকৈ বনৰীয়া হাতীৰ এটা জাকে লখিপুৰ চৈৰাবাৰী অঞ্চলত প্ৰৱেশ কৰি বহু কৃষি ভূমি নষ্ট কৰাৰ লগতে পকা ধান খাই কৰিছে তহিলং ৷ ফলত আতংকত ভোগাৰ লগতে বন্যহস্তীৰ এই উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে চৈৰাবাৰীবাসী ৰাইজ ৷
স্থানীয় লোকে জানিবলৈ দিয়া মতে, বুধবাৰে নিশাও চৈৰাবাৰী গাঁৱত এটি বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰি গাঁওখনৰ কেইবাটাৱও বাসগৃহ ভাঙি পেলায় । ঘৰ-দুৱাৰ ভাঙি গাঁওখনৰ পৰা হাতীৰ জাকটোৱে ওলাই অহাৰ সময়তে এটা দ' পুখুৰীত আৱদ্ধ হৈ পৰিছিল পোৱালী সহিতে 5টাকৈ হাতী । লগতে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, নিশাৰ ভাগতে বন বিভাগক খবৰ দিয়া হৈছিল যদিও বনবিভাগৰ লোক পুৱাৰ ভাগতহে উপস্থিত হয় সেই স্থানত ।
লগতে পঢ়ক :Human-Elephant Conflict : কাক'জান বনাঞ্চলত উদ্ধাৰ হাতীৰ মৃতদেহ